নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহাবিদ্যালয়ত ‘সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত সংগ্ৰহালয়ৰ ভূমিকা’ শীৰ্ষক বক্তৃতানুষ্ঠান

নিয়মীয়া বাৰ্তা, ১ জুন : উত্তৰ অসমৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ত অসম ৰাজ্যিক সংগ্ৰাহলয় সঞ্চালকালয়ৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ সহযোগত শনিবাৰে এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। “সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত সংগ্ৰহালয়ৰ ভূমিকা” শীৰ্ষক আকৰ্ষণীয় বক্তৃতানুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগানন্দ সুতে। ঢকুৱাখনা মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকক্ষত আয়োজিত উক্ত বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মূল বক্তব্য প্ৰদান কৰে অসম চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয়ৰ আদিবাসী ধিপতি অৰিন্দম বৰুৱাই। অসম চৰকাৰৰ থলুৱা আৰু জনজাতীয় বিশ্বাস তথা সংস্কৃতি বিভাগৰো সঞ্চালক বৰুৱাই নিজৰ বক্তব্যত কয় যে অসমৰ সাংস্কৃতিক ইতিহাস অতি চহকী। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক-সংস্কৃতিৰ গৌৰৱময় সমলেৰে ইয়াৰ ঐতিহ্য সমৃদ্ধিশালী। এইবোৰৰ সংগ্ৰহ, সংৰক্ষণ, গৱেষণা আৰু পুনৰুদ্ধাৰ কৰিবলৈ অসম চৰকাৰৰ সংগ্ৰহালয় বিভাগে বিজ্ঞানসন্মতভাৱে পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেওঁ অসমৰ বিভিন্ন ঠাইত মুঠ ১৪টা সংগ্ৰহালয় থকাৰ কথা উল্লেখ কৰে। তেওঁ লগতে যোৰহাট চুকাফা সমন্বয় ক্ষেত্ৰত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ দ্বিতীয়টো চৌহদ জুলাই মাহত মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে। তেওঁ ঢকুৱাখনা মহাবিদ্যালয়ত শীঘ্ৰে মিউজিঅ’লজিৰ এক চাৰ্টিফিকেট পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰে। ইয়াৰ বাবে অহা পষেকতে শিক্ষানুষ্ঠানখনৰ লগত চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয়ৰ এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে অতি কম সময়ৰ ভিতৰতে ঢকুৱাখনা মহাবিদ্যালয়খনে স্বায়ত্তশাসিত শিক্ষানুষ্ঠানৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে। শিক্ষানুষ্ঠানখনৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক পাপৰি মালা ভূঞাই আঁত ধৰা আলোচনা সত্ৰখনত সমল ব্যক্তি হিচাপে আলোচনা আগবঢ়ায় সংগ্ৰহালয় সঞ্চালকালয়ৰ লেবৰেটৰী কেমিষ্ট অন্তৰীণ তালুকদাৰে। নিজৰ আলোচনাত ঐতিহাসিক সমল সংগ্ৰহ, সংৰক্ষণ, সংবৰ্ধন আৰু পুনৰুদ্ধাৰ আদি কাৰ্যৰ আটাইতকৈ ডাঙৰ অংশীদাৰ জনসাধাৰণ বুলি উল্লেখ কৰে। তেওঁ কয় যে সংগ্ৰহালয় হৈছে জনসাধাৰণৰ সৈতে ঐতিহ্যৰ সেতু বন্ধনৰ এক মূৰ্ত সাংস্কৃতিক ঐতিহ্য। তেওঁ কিয় সংৰক্ষণ কৰিব লাগে তাৰ ব্যাখ্যা আগবঢ়োৱাৰ লগতে ঐতিহাসিক সমল পুনৰুদ্ধাৰ আৰু সংৰক্ষণ কৰোঁতে ল’ব লগা সাৱধানতাৰ বিষয়েও উল্লেখ কৰে। তদুপৰি সংৰক্ষণৰ বাবে গ্ৰহণীয় সচেতনতাৰ ওপৰতো বিজ্ঞানসন্মত কাৰ্য প্ৰণালীৰ ওপৰতো ব্যাখ্যা আগবঢ়ায়। একেদৰে তেওঁ প্ৰতিকাৰমূলক সংৰক্ষণ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। মহাবিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক সেৱক চন্দ্ৰ চুতীয়াৰ সামৰণী বক্তব্যৰে যৱনিকা পৰা আলোচনা সত্ৰখনত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ চিত্ৰ কুমাৰ কোচ, সহযোগী অধ্যাপক ড০ সত্য ৰঞ্জন নেওগ, ৰবীন পেগু, প্ৰদীপ বৰা, নৰেন্দ্ৰ নাথ দত্ত আদিৰ উপৰি মহাবিদ্যালয়খনৰ গৰিষ্ঠসংখ্যক অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী, শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like