নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লজ্জাজনক : ধৰ্ষণৰ অভিযোগত টেট শিক্ষকক জে’ললৈ প্ৰেৰণ

🔹 কাৰ্বি আংলঙত জঘন্য ঘটনা

বিশেষ বাৰ্তা, ২ জুন : শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈও এগৰাকী টেট শিক্ষকে সংঘটিত কৰিলে জঘন্য ঘটনা । প্ৰাপ্ত খবৰ মতে, কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত ৯ বছৰীয়া কণমানি এগৰাকীক ধৰ্ষণ কৰে একেখন গাঁৱৰে এগৰাকী টেট শিক্ষকে। শনিবাৰে টেট শিক্ষকগৰাকীক আৰক্ষীয়ে জে’ললৈ প্ৰেৰণ কৰে। কণমানিগৰাকীৰ আত্মীয়ই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, একেখন গাঁৱৰে যুৱ টেট শিক্ষক গৌতম নাথে যোৱা ২৬ মে’ত কণমানিটিক ধৰ্ষণ কৰে যদিও এই কথা কোনেও গম পোৱা নাছিল। পৰৱৰ্তী সময়ত কণমানিগৰাকী অধিক অসুস্থ হৈ পৰে। ফলত পৰিয়ালৰ লোকে নগাঁৱৰ চিকিৎসালয়লৈ নিয়ে যদিও তাৰ চিকিৎসকে এয়া ধৰ্ষণৰ ঘটনা বুলি অৱগত কৰি আৰক্ষীৰ সহায় ল’বলৈ পৰামৰ্শ দিয়ে । লগে লগে কণমানিটিক নগাঁৱৰ পৰা লৈ অনা হয়। পৰিয়ালৰ লোকে কণমানিগৰাকীক সোধা-পোছা কৰাত সকলো ফাদিল হৈ পৰে। পাছত উত্তৰ বৰবিল আৰক্ষী চকীলৈ আনি আৰক্ষীক সবিশেষ অৱগত কৰাই পৰিয়ালৰ লোকে লিখিত অভিযোগ দাখিল কৰে । ২৬ মে’ৰ পৰা পলাতক অৱস্থাত থকা টেট শিক্ষক গৌতম নাথ অৱশেষত আৰক্ষীৰ জালত পৰাত অভিযুক্তক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে কঠোৰ শাস্তিৰ দাবী কৰিছে পৰিয়ালৰ লোকে । ইপিনে, উত্তৰ বৰবিল আৰক্ষী চকীত কাৰ্বি আংলং জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ সংবাদ মাধ্যমক জনোৱা মতে, যোৱা ২৬ মে’ত এটা ঘটনা সংঘটিত হোৱা বুলি পৰিয়ালৰ লোকে ৩০ মে’ত আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে বিষয়টো অতি গুৰুত্বসহকাৰে পৰ্যবেক্ষণ কৰি থকাৰ লগতে ইতিমধ্যে শনিবাৰে অভিযুক্ত বুলি উল্লেখ থকা টেট শিক্ষক গৌতম নাথক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । কাৰ্বি আংলং জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে এই সন্দৰ্ভত পকছ’ আইনৰ অধীনত তদন্ত অব্যাহত ৰাখিছে । কেইবাদিন ধৰি পলাতক অৱস্থাত থকা টেট শিক্ষক গৌতম নাথক কালি আৰক্ষীয়ে আটক কৰি জে’ললৈ প্ৰেৰণ কৰে । আনহাতে, কণমানিগৰাকীক ডিফু মেডিকেল কলেজ হাস্পতালত যাৱতীয় স্বাস্থ্য পৰীক্ষা কৰাই চিকিৎসা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like