নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত দুডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২ জুন : কামৰূপ জিলাৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত নাইটৰ খোলা ৰিজাৰ্ভ অঞ্চলত শনিবাৰে সন্ধিয়া স্থানীয় একাংশ লোকে প্ৰকাণ্ড অজগৰ এডাল উদ্ধাৰ কৰে ৷ প্ৰাপ্ত তথ্য মতে, খামেৰী-কল্যাণপুৰ অঞ্চলত একাংশ লোকে সন্ধিয়া সময়ত ৰিজাৰ্ভ অঞ্চলৰ পৰা গৰু জাক ঘৰলৈ আনি থকাৰ সময়তে অজগৰৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰি গাঁওবাসীক খবৰ দিয়াত মুহূৰ্ততে সেই স্থানত বহু লোকৰ সমাগম হয় আৰু ঘটনা সন্দৰ্ভত নগৰবেৰা বনাঞ্চলিক বিষয়াক খবৰ দিয়ে ৷ ইপিনে, বন বিভাগৰ লোকে তাৎক্ষণিকভাৱে উক্ত স্থানত উপস্থিত হৈ ৰাইজৰ সহযোগত প্ৰকাণ্ড অজগৰডাল উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ৷ একেদৰে মেধিপাৰা লহ’ৰা পথাৰত ধান কাটি থকা অৱস্থাত একাংশই এডাল প্ৰকাণ্ড অজগৰ দেখি গাঁওবাসীক খবৰ দিয়ে আৰু মুহূৰ্ততে ঘটনাস্থলীত বহু লোকৰ সমাগম ঘটে | স্থানীয় একাংশৰ তৎপৰতাত অজগৰডাল জালেৰে মেৰিয়াই বস্তা এখনত ভৰাই বন বিভাগৰ লোকক চমজাই দিয়ে। স্মৰ্তব্য যে শেহতীয়াকৈ অঞ্চলটোত বাঢ়িছে অজগৰৰ মুক্ত বিচৰণ |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like