নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশলৈ চোৰাংকৈ পঠিওৱা চেনি জব্দ দক্ষিণ শালমাৰা আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২ জুনঃ যোৱানিশা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বন্দীয়াৰ আলগা অঞ্চলত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চেনি জব্দ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত যোৱানিশা আনুমানিক প্ৰায় ডেৰটা মান বজাত দক্ষিণ শালমাৰা আৰক্ষীৰ দল এটাই জিলাখনৰ বন্দীয়াৰ আলগা অঞ্চলত এক অভিযান চলাইছিল। উক্ত অভিযানত গাইপতি ৫০ কিলোগ্ৰাম ওজনৰ ২০ বস্তা চেনি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বৃহৎ পৰিমাণৰ সেই চেনিখিনি নদীপথেৰে চোৰাংকৈ বাংলাদেশলৈ নিয়াৰ বাবে অনা হৈছিল বুলি সন্দেহ কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like