নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইৰ ৰায়কাটাত বান পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জুনঃ মন্ত্ৰী পীযুষ হাজৰীকাই আজি হোজাই জিলা ভ্ৰমণ কৰি কপিলী নৈৰ বানত ক্ষতিগ্ৰস্ত কেইবাটাও স্থান পৰিদৰ্শন কৰে। শেহতীয়াকৈ কপিলীৰ বানত জিলাখনৰ ৰায়কাটা, দীঘলবাৰী, বিষ্ণুপুৰ আদি অঞ্চলৰ স্থানীয় বাসিন্দা সমস্যাৰ সন্মুখীন হৈছে। আজি এই অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সুৰক্ষাৰ দিশটো সুনিশ্চিত কৰিবলৈ ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আজিৰ পৰিদৰ্শনকালত উপস্থিত থকা লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ অভিযন্তা-বিষয়াসকলক স্থানীয় বিধায়ক তথা জিলা আয়ুক্তৰ সহযোগত মথাউৰি নিৰ্মাণৰ ক্ষেত্রত ল’বলগীয়া প্ৰাৰম্ভিক পদক্ষেপসমূহ গ্ৰহণ কৰিবলৈ জলসম্পদ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা দিয়ে। উল্লেখ্য যে বিগত বৰ্ষত মথাউৰি নিৰ্মাণৰ ব্যৱস্থা ল’বৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছিল যদিও কিছু কাৰিকৰী অসুবিধাৰ বাবে মথাউৰিৰ নিৰ্মাণকাৰ্য সম্ভৱ হোৱা নাছিল । আই আই টি, গুৱাহাটীক এই সমস্যাৰ বিষয়ে অধ্যয়ন কৰিবলৈ দিয়া হৈছিল আৰু তেওঁলোকে কিছুদিন পূৰ্বে ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে। মন্ত্ৰী হাজৰীকাই আজিৰ পৰিদৰ্শনকালত সাংবাদিকক উদ্দেশ্যি কয় যে আই আই টি গুৱাহাটীয়ে দাখিল কৰা প্ৰতিবেদন অনুসৰিয়েই অহা নৱেম্বৰ মাহৰ পৰা ৰায়কাটা অঞ্চলত মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হ’ব। এই মথাউৰি নিৰ্মাণৰ পাছত হোজাই জিলাখন বানমুক্ত হ’ব বুলি মন্ত্ৰী হাজৰীকাই আশা প্ৰকাশ কৰে।

You might also like