নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱপ্ৰজন্মই ল’ব লাগিব দেশৰ চালিকাশক্তিৰ ভূমিকা : সৰ্বানন্দ সোণোৱাল

🎯বিবেকানন্দ ৰ’ক মেম’ৰিয়েলত নৰেন্দ্ৰ মোদীৰ ধ্যানত প্ৰতিফলিত হৈছে কিদৰে আমাৰ চহকী ঐতিহ্য-পৰম্পৰাৰ পৰা শক্তি, সাধনা আহৰণ কৰিব পাৰি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জুনঃ সোণোৱাল কছাৰী জনগোষ্ঠীৰ কৃতী শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ বাবে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত কছাৰীবাৰীত আয়োজিত অভিনন্দন অনুষ্ঠানত আজি উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অনুষ্ঠানত কৃতী ছাত্ৰ-ছাত্ৰীসকলক তেওঁ সম্বৰ্ধনা জনোৱাৰ লগতে উষ্ম অভিনন্দন জ্ঞাপন কৰে। সোণোৱালে ভাষণ প্ৰসংগত কয়, “শিক্ষাৰ্থীসকল আমাৰ দেশৰ ভৱিষ্যতৰ চালিকাশক্তি, যিয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক সবল ৰূপত আগুৱাই নিব। জ্ঞানৰ আলোকেৰে উদ্ভাসিত হৈ যুৱপ্ৰজন্মই দেশৰ চালিকাশক্তিৰ ভূমিকা পালন কৰিব লাগিব। মোৰ দৃঢ় বিশ্বাস- এইসকল মেধাৱী শিক্ষাৰ্থীয়ে নিৰন্তৰ প্ৰচেষ্টা আৰু অদম্য মনোবলেৰে উজলি উঠি অনাগত দিনবোৰত ডিব্ৰুগড়ৰ লগতে ৰাজ্যখনৰ সুনাম বৃদ্ধি কৰিব। বিবেকানন্দ ৰ’ক মেম’ৰিয়েলত নৰেন্দ্ৰ মোদীয়ে কৰা গভীৰ ধ্যানে প্ৰতিফলিত কৰিছে কিদৰে আমাৰ চহকী ঐতিহ্য-পৰম্পৰাৰ পৰা শক্তি, সাধনা আহৰণ কৰিব পাৰি। ছাত্ৰ-ছাত্ৰীসকলেও কঠোৰ সাধনা আৰু একাগ্ৰতাৰে শৈক্ষিক জীৱনত ধ্যানমগ্ন হৈ ঈপ্সিত লক্ষ্যত উপনীত হ’ব লাগিব।” সোণোৱালে লগতে কয়, “সোণোৱাল কছাৰী সমাজৰ বুকুত অযুত শক্তি, সামৰ্থ্য মজুত আছে, যিয়ে দেশ তথা জাতিৰ শ্ৰীবৃদ্ধিত অৰিহণা আগবঢ়াই আহিছে। সোণোৱাল কছাৰী জনগোষ্ঠীয়ে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি আৰু আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধে সোণোৱাল সমাজৰ লোকসকলৰ ব্যক্তিত্ব নিৰ্মাণ কৰিছে। এই ব্যক্তিত্বই অসমৰ সমাজ জীৱনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছে। এই ঐতিহ্য বহন কৰি সোণোৱাল সমাজ সদায় শক্তিশালী হৈ থাকিবই লাগিব। ইয়াৰ বাবে যুৱপ্ৰজন্মই সক্ৰিয় ভূমিকা পালন কৰিব লাগিব। আজিৰ এই প্ৰতিযোগিতাৰ যুগত সোণোৱাল সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলে শিক্ষা-সংস্কৃতি-ক্ৰীড়াৰ যোগেদি নিজৰ ব্যক্তিত্ব নিৰ্মাণ কৰিবই লাগিব। জীৱনৰ বাটত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান যোগ্যতাৰে প্ৰত্যুত্তৰ দি আগবাঢ়িব লাগিব। আজিৰ প্ৰযুক্তি ব্যৱহাৰ কৰি আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বিশ্বৰ জ্ঞান আয়ত্ত কৰিব লাগিব।” সোণোৱালে তদুপৰি উল্লেখ কৰে, “নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত আৰু ২০১৬ চনত অসমত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত ডিব্ৰুগড়ৰ প্ৰকৃত ৰূপান্তৰ আৰম্ভ হৈছিল। আজি এই অঞ্চলটো সম্পূৰ্ণ শান্ত। ইয়াৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন আৰু জীৱিকা উপাৰ্জনৰ বিভিন্ন সুযোগ লাভ কৰিছে, কৃষক আৰু দুখীয়া ৰাইজে যথাযথ মৰ্যাদা আৰু সম-বিকাশ লাভ কৰিছে আৰু নাৰীসকল সবল হৈ উঠিছে। যোৱা দহ বছৰৰ ভিতৰত এই সমষ্টিত বসবাস কৰা সকলো খিলঞ্জীয়া জনগোষ্ঠীক সামাজিক আৰু অৰ্থনৈতিকভাৱে সবল কৰা হৈছে৷ বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ নেতৃত্বত হোৱা অভূতপূৰ্ব পৰিৱৰ্তন আপোনাসৱৰ চকুৰ আগত। বিগত ১০ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত হোৱা ক্ষিপ্ৰ ৰূপান্তৰো আপোনালোকে দেখা পাইছে অৰ্থাৎ মোদী কী গেৰাণ্টী। বিজেপি চৰকাৰৰ দিনত অসম কেইবা দশকৰ অন্ধকাৰৰ পৰা ওলাই আহিছে। আজি, ডিব্ৰুগড় বিশ্ব মানচিত্ৰত জিলিকি উঠিছে। দৰাচলতে, কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে মোদীৰ বলিষ্ঠ নেতৃত্বত নতুন আত্মবিশ্বাস আৰু শক্তি বিচাৰি পাইছে। সমগ্ৰ অঞ্চলটোৰ মানুহে এতিয়া উপলব্ধি কৰিছে যে বিজেপিয়েই হৈছে একমাত্ৰ দল যিয়ে তেওঁলোকৰ ভাগ্য সলনি কৰিব পাৰে। তদুপৰি, বিজেপি চৰকাৰেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ বিকাশত সবাতোকৈ বেছি গুৰুত্ব দিছে।” এই উৎসাহপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰ’-কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং আৰু সংগঠনটোৰ অন্যান্য বিষয়ববীয়াসকল তথা কৰ্মকৰ্তাসকল, সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।

You might also like