বিশেষ বাৰ্তা, ৩ জুন : গোৱালপাৰা জিলাৰ আগিয়া খণ্ড নাথ যোগী সন্মিলনীৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনখনি এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। পুৱা ১০ বজাত সন্মিলনীৰ সভাপতি ফণীভূষণ নাথে শিৱধ্বজা উত্তোলন কৰাৰ পিছত শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে সন্মিলনীৰ সম্পাদক তৰণী কান্ত নাথে। বিশিষ্ট শিক্ষাবিদ জয়চন্দ্ৰ নাথে বন্তি প্ৰজ্বলন কৰাৰ পিছত শিৱ মন্ত্ৰ ঔঁ কাৰ ধ্বনি উচ্চাৰণেৰে সভাৰ কাৰ্য্যসূচী আৰম্ভ কৰে। অধিৱেশনত ২০২৪ৰ এচিএছ পৰীক্ষাত ৪৫ নম্বৰ স্থানত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা হৰেশ্বৰ নাথ আৰু হেলেন নাথৰ একমাত্ৰ কন্যা মৌচুমী নাথক ফুলাম গামোচা, শৰাই, মানপত্ৰ আৰু এখন কিতাপেৰে সম্বৰ্ধনা জনোৱাৰ লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৯১.৪ শতাংশ নম্বৰ লাভ কৰা হিমান নাথ, ৮২.৬ শতাংশ লাভ কৰা প্ৰিয়ংকা নাথ, ৭৯ শতাংশ লাভ কৰা পলাশ নাথ, ৭৩.৮ শতাংশ নম্বৰ লাভ কৰা হিমাংশু নাথ আৰু ভনিতা নাথ আৰু উচ্চ মাধ্যমিকৰ নিতোপন নাথ, দিক্ষিত নাথ, নীলিম কুমাৰ শিৱম, অঙ্কুৰ নাথ আৰু শ্ৰুতি নাথ মুঠ দহগৰাকী কৃতী ছাত্র-ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰ আৰু কিতাপেৰে সম্বৰ্ধনা জনায়। সভাত উন্মোচনী ভাষণত অৱসৰপ্ৰাপ্ত বিশিষ্ট শিক্ষয়িত্ৰী হিৰণ প্ৰভা দেৱীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিয়া ভাষণত কয়- ছাত্ৰ-ছাত্ৰীসকলে সকলো ক্ষেত্ৰতে সময়ৰ সদ্ব্যৱহাৰ কৰিব শিকিব লাগিব । ইংৰাজী মাধ্যমত পঢ়িলেও জাতীয় কৃষ্টি-সংস্কতি জানিব লাগিব। জাতীয় শিপাডাল ধৰি ৰখাৰ ক্ষেত্ৰত অভিভাৱকসকলেও গুৰুত্ব প্ৰদান কৰিব লাগিব। বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াই জে এন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয়চন্দ্ৰ নাথে কয়- শিক্ষাৰ ঘাই উদ্দেশ্য দুটা । এটা ব্যক্তিগত উৎকৰ্ষ সাধন, আনটো হ’ল সামাজিক। ছাত্ৰ-ছাত্ৰীসকলৰ আচাৰ-ব্যৱহাৰ, চৰিত্ৰৰ ভেটি হ’ল নিজৰ ঘৰখন, পৰিয়াল যদি ব্যক্তিকেন্দ্ৰিক হয়, তেতিয়াহ’লে দেশ-সমাজে ভৱিষ্যত প্ৰজন্মৰ পৰা কি আশা কৰিব। সেয়ে সামাজিক মনৰ অধিকাৰী হ’বলৈ পৰামৰ্শ দানৰ লগতে বিশ্ববিখ্যাত বিজ্ঞানী তথা ভাৰতৰ ৰাষ্ট্ৰপতি আব্দুল কালাম আজাদ আৰু ছক্ৰেটিছৰ জীৱনশৈলীৰ নিদৰ্শন দাঙি ধৰি ছাত্র-ছাত্ৰীসকলক ধৈয্য আৰু সহ্য গুণৰ অধিকাৰী হৈ অধ্যয়নত ব্ৰতী হ’বলৈ পৰামৰ্শ দিয়ে ।
প্ৰেৰক লক্ষ্মণ কুমাৰ নাথ