নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য সভাৰ পাঠশালা অধিৱেশনত উজলিব বজালীৰ বীৰ-বীৰাংগনাৰ আত্মত্যাগ

নিয়মীয়া বাৰ্তা, ৩ জুন : আগত বৰ্ষত পাঠশালাত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ ৭৭ সংখ্যক অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে৷ ইয়াৰ অংশৰূপে আজি আদৰণী সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাস আৰু সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰীৰ পৌৰোহিত্যত পাঠশালা সাহিত্য সভা ভৱনত বজালীৰ সাংবাদিকসকলৰ সৈতে অনুষ্ঠিত হয় এক বিশেষ বৈঠক৷ বৈঠকত অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনখন জাকতজিলিকা, সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোৰে পৰা সহায়-সহযোগিতা কামনা কৰে৷ বৈঠকত আদৰণী সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে আগন্তুক পাঠশালা অধিৱেশনখনত ভাৰত ত্যাগ আন্দোলনত বজালীৰ বীৰ-বীৰাংগনাৰ আত্মত্যাগৰ বিৰল মুহূৰ্তৰ লগতে অসম আন্দোলনত বজালীৰ অৰিহণা আৰু বীৰ শ্বহীদসকলৰ ত্যাগ উজলি উঠিব বুলি উল্লেখ কৰে৷ আনহাতে, সকলো শ্বহীদৰ ত্যাগ আৰু বজালীৰ সুযোগ্য সন্তান কামেশ্বৰ দাসৰ দৰে বিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠকসকলৰ আবক্ষ মূৰ্তি স্থাপন কৰি এই মূৰ্তিৰ স’তে তেওঁলোকৰ জীৱন বৃত্তান্ত উনুকিয়াই দিয়া হ’ব বুলিও সভাপতি দাসে মন্তব্য কৰে৷ ইপিনে, অনাদি কালৰ পৰা চলি অহা যাত্ৰাদলক বজালীৰ অচ্যুত লহকৰৰ দৰে লোকৰ চিন্তাই বিশ্বত বিৰল ভ্ৰাম্যমাণ থিয়েটাৰ জন্ম দিয়াৰ যি অৱদান সেয়াও আগন্তুক সাহিত্য সভাৰ অধিৱেশনত প্ৰকাশ পাব বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে৷ ইয়াৰ বাবে সভাৰ মূল প্ৰৱেশ পথৰ কাষতে এই ষ্টলসমূহ স্থাপন কৰা হ’ব বুলি আজিৰ এই বিশেষ বৈঠকত সদৰী কৰে সভাপতি ৰণজিৎ কুমাৰ দাসে৷ উল্লেখ্য যে ২০২৫ চনৰ ৩১ জানুৱাৰী, ১, ২, ৩ আৰু ৪ ফেব্ৰুৱাৰীত পাঠশালাত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন৷ ইতিমধ্যে এই অধিৱেশন সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলো প্ৰস্তুতি আৰম্ভ কৰিছে আদৰণী সমিতিয়ে৷ কালি পাঠশালা সাহিত্য সভা ভৱনত অনুষ্ঠিত সংবাদকৰ্মীৰে আদৰণী সমিতিৰ বৈঠকখনত আদৰণী সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সভাৰ পাঠশালা অধিৱেশন ব্যতিক্ৰমীভাৱে অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি কয় যে অধিৱেশনত ১০০০খনতকৈ অধিক গ্ৰন্থ উন্মোচন কৰা হ’ব, য’ত ১০০খনতকৈ অধিক নাটক প্ৰকাশ কৰা হ’ব৷ আনহাতে, বাণিজ্য মেলাৰ পৰিৱৰ্তে থাকিব বিজ্ঞান মেলা, ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শন আৰু বজালীত উৎপাদিত সামগ্ৰীৰে পৰিপূৰ্ণ হৈ থাকিব ‘বজালী হাট’৷ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত বজালী জিলাৰ সকলো ব্যক্তিকে জাতীয় সাজপাৰ পৰিধান কৰি আহিবলৈও বৈঠকখনৰ জৰিয়তে আহ্বান জনায় আদৰণী সমিতিৰ সভাপতিগৰাকীয়ে৷ আনহাতে, বৈঠকখনত উপস্থিত থকা আদৰণী সমিতিৰ সম্পাদক গিৰিধৰ চৌধুৰীয়ে প্ৰবাসী অসমীয়াসকলকো এই অধিৱেশনলৈ আমন্ত্ৰণ জনায়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like