নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬-২৭ জুলাইত টংলাত অসম সাহিত্য সভাৰ ষষ্ঠ কাৰ্যনিৰ্বাহক

নিয়মীয়া বাৰ্তা, ৩ জুন : অসম সাহিত্য সভাক গতিশীলতা প্ৰদানত শাখা সাহিত্য সভাসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ওদালগুৰি জিলা সাহিত্য সভা আৰু টংলা সাহিত্য সভাৰ যুটীয়া উদ্যোগত অহা জুলাই মাহৰ ২৬ আৰু ২৭ তাৰিখে অনুষ্ঠিত হবলগীয়া ষষ্ঠ পূৰ্ণাংগ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশনৰ আদৰণী সমিতি, টংলাবাসীৰ সৈতে টংলা সাহিত্য সভা ভৱনত অনুষ্ঠিত এক সৌহাৰ্দ্যমূলক আলোচনাত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাই এইদৰে মন্তব্য কৰে। অসম সাহিত্য সভাই ইয়াৰ ১০৬ বছৰীয়া সুদীৰ্ঘ পৰিক্ৰমাত মাতৃভাষা অসমীয়াৰ লগতে আন আন মাতৃভাষাৰ শ্ৰীবৃদ্ধি আৰু উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰি তেওঁ টংলাত অনুষ্ঠিতব্য ষষ্ঠসংখ্যক টংলাৰ কাৰ্যনিৰ্বাহক সভাখনে জাতীয় জীৱনৰ বাবে এক বিশেষ অৱদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰাৰ লগতে ইয়াৰ পৰাই এটা ইতিবাচক বাৰ্তা পাবলৈ সক্ষম হব বুলিও উল্লেখ কৰে। বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিখনে জাতীয় জীৱনৰ দায়বদ্ধতা আৰু সাহিত্য সভাৰ মজিয়াখনক অধিক স্বচ্ছতাৰ ৰক্ষা কৰিবলৈ প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰি লগতে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় অসম সাহিত্য সভাই জাতীয় জীৱনৰ ভেটি গঢ়াৰো প্ৰয়াস কৰি আহিছে। বিটিচিত কেৱল বড়ো মাধ্যমৰ বিদ্যালয়কহে প্ৰাদেশিকৰণৰ এক পক্ষীয় সিদ্ধান্তৰ ওপৰত সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত ড০ উপেন্দ্ৰজিত শৰ্মাই কয় কাৰোবাক কোলাত লৈ কাৰোবাক বোকাত লোৱাৰ পোষকতা কৰিলে নিশ্চিতভাৱে আকৌ অশান্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ স্থল থাকিব। অসম সাহিত্য সভাই আস্থা আৰু বিশ্বাসৰ মাজত থাকি কাম কৰি আহিছে সেয়ে প্ৰমোদ বড়োক আস্থা আৰু বিশ্বাসৰ মাজত থাকি প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহ্বান জনায়। আনহাতে কাৰ্যসূচীৰ নামত কাৰ্য্যসূচী নকৰি জাতীয় জীৱনক নতুন বাৰ্তা দিয়াৰ প্ৰয়াস কৰিবলৈ আদৰণী সমিতিক অনুৰোধ জনোৱাৰ লগতে বজাৰত ব্যবহৃত গামোচাৰ পৰিৱৰ্তে হাতে বোৱা গামোচা ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰে। আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি তথা ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ জনগোষ্ঠীয় ইতিহাস প্ৰকল্পৰ আহ্বায়ক ডা: বিপিন চন্দ্ৰ কলিতা, মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকা, শ্ৰীশ্ৰীগোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সম্পাদক তৰুণ আজাদ ডেকা, ওদালগুৰি জিলা সাহিত্য সভাৰ আমন্ত্ৰিত সদস্য অনন্ত নাৰায়ণ ভট্টাচাৰ্য্য, বিশিষ্ট যুৱ নেতা শ্যামল সৰকাৰ, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ড০ পবিত্ৰ শৰ্মা, জ্যেষ্ঠ নাগৰিক বলি ৰাম ডেকা আদিয়ে ভাষণ প্ৰদান কৰে। আদৰণী সমিতিৰ সাধাৰণ সম্পাদক দিবাকৰ বড়াই আঁত ধৰা সভাত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পঙ্কজ বেজবৰুৱা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰমোদ ডেকা, অখিল কলিতা, ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা,টংলা সাহিত্য সভাৰ সভাপতি চন্দ্ৰপ্ৰভা দত্ত, ওদালগুৰি জিলা সাহিত্য সভাৰ উপ সভাপতি ভদ্ৰকান্ত শৰ্মা, সম্পাদক নিৰ্মল নাথ আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰমোদ হাজৰিকা , ওদালগুৰি ৰত্ন ধৰণীধৰ মেধি, জ্যেষ্ঠ সাংবাদিক বাপন চন্দ্ৰ শৰ্মা, নাৰায়ণ ডেকা, আদৰণী সমিতিৰ বিষয়ববীয়া প্ৰমুখ্যে গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইতিমধ্যে অসম সাহিত্য সভাৰ ষষ্ঠসংখ্যক অসম সাহিত্য সভাৰ দুদিনীয়া কাৰ্যসূচীৰে জুলাই মাহৰ ২৭ আৰু ২৮ তাৰিখে অনুষ্ঠিতব্য কাৰ্যনিৰ্বাহক সভাখন সৰ্বাংগসুন্দৰ আৰু আৰু সফল ৰূপায়ণ কৰিবলৈ অসম বিধানসভাৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰীক সভাপতি, গৌৰীশংকৰ দাস, প্ৰমোদ হাজৰিকাক কাৰ্যকৰী সভাপতি, জৌস্ৰাং বড়ো, দিবাকৰ বড়াক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ লগতে ১৬খন উপসমিতিৰে এখন শক্তিশালী আদৰণী সমিতি গঠন কৰিছে।

প্ৰেৰক বাপন শৰ্মা

You might also like