নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথ ঘাট পথক চিৰসেউজ কৰাৰ প্ৰয়াস ছাইনিং গ্ৰীন আছিয়ানাৰ

নিয়মীয়া বাৰ্তা, ৩ জুনঃ গোলকীয় উষ্ণতাই সমগ্ৰ দেশত এক বিপজ্জনক সংকেত প্ৰদান কৰা পৰিলক্ষিত হৈছে ১ জুনৰ বাতৰিত প্ৰকাশ ৫২ ডিগ্ৰী চেঃত দিল্লী, বিহাৰ, ওড়িশাত ৫০ লোকৰ মৃত্যু হ’ল। যাৰ ফলত কেৱল মানৱ সমাজৰ বাবেই নহয় জীৱকুলৰ বাবেও অশনি সংকেত নামি আহিছে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে। তেনেস্থলত বহুতো অনুষ্ঠান প্ৰতিষ্ঠানে গছপুলি ৰোপণৰ ক্ষেত্ৰত পৰিৱেশ দিৱসৰ দিনটোত গছপুলি ৰোপণৰ ফটো উঠি দায়িত্ব সামৰাও পৰিলক্ষিত হৈছে। অৱশ্যে আমাৰ চৌপাশৰ পৰিৱেশটো সেউজীয়া কৰিবলৈ প্ৰয়োজন নাই কোনো বিশেষ দিনৰ। ইচ্ছা আৰু কৰ্মস্পৃহা থাকিলে প্ৰতিদিনে উদযাপন কৰিব পাৰি পৰিৱেশ দিৱসৰ। হয় এইদৰে প্ৰতিবছৰে কোনো বিশেষ দিনৰ সংজ্ঞা নোহোৱাকৈ গছপুলি ৰোপণ কৰি আহিছে বিহপুখুৰীৰ প্ৰকৃতিপ্ৰেমী অনুষ্ঠান ছাইনিং গ্ৰীন আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনে। ২০১১ চনৰ পৰা বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰত অবিৰতভাৱে সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ কৰ্ম সম্পাদন কৰি আহিছে ছ’চাইটীৰ সঞ্চালক ড° কিশোৰ হাজৰিকা আৰু সঞ্চালিকা স্নিগ্ধাজ্যোতি গোস্বামী হাজৰিকাই। সমান্তৰালভাৱে গছপুলি ৰোপণৰ ক্ষেত্ৰতো কোনো বিশেষ দিনৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰি সময়ে সময়ে গছপুলি ৰোপণৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ আহিছে ফাউণ্ডেচনে। এই দৃশ্য হৈছে গুপ্তকাশী বিশ্বনাথ ঘাট পথৰ। বিশ্বনাথৰ পানীভৰাল অঞ্চলৰ পৰা বিশ্বনাথ ঘাটলৈকে পথৰ দুয়োকাষে সেউজীয়া পৰিৱেশে প্ৰাণ পোৱাৰ ক্ষেত্ৰত অহৰহ চেষ্টা চলাই আহিছে ছাইনিং গ্ৰীন আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনে। আজিও এইদৰে প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি বহুসংখ্যক গছপুলি ৰোপণ কৰে, যাতে প্ৰতিটো পুলিয়ে প্ৰাণ পাই সেউজীয়া পৰিৱেশ গঢ় লৈ উঠে সমগ্ৰ পথছোৱা ।

প্ৰেৰক ভুবন লুইটেল

You might also like