নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভয়াপুৰীত হত্যাৰ অপৰাধত দুজনক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড

নিয়মীয়া বাৰ্তা,  ৭ জুন : অভয়াপুৰীৰ জিলা আৰু সত্ৰ ন্যায়াধীশ বি কে নাথে কোকিলা গাঁৱৰ বাতেন খান নামৰ এজন লোকক হত্যাৰ অপৰাধত আজি দুজন লোকক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰ ৰায় দিয়ে । কোকিলা গাঁৱৰ মোহৰ খান আৰু বাবুল খানৰ বিৰুদ্ধে আদালতে এই ৰায় প্ৰদান কৰে । ২২/২০১৬নং গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি এই ৰায় প্ৰদান কৰে । চৰকাৰী পক্ষৰ হৈ অধিবক্তা চন্দন শৰ্মাই যুক্তি আগবঢ়ায় । উল্লেখ্য যে ২০১৩ চনৰ ২১ অক্টোবৰত মোহৰ খান আৰু বাবুল খানে নিজ ভাতৃ বাতেন খানক ভূমি সংক্ৰান্তীয় বিবাদক কেন্দ্ৰ কৰি ঘৰৰ সমুখৰ পথৰ ওপৰত জধে-মধে মাৰধৰ কৰাত বাতেন খান থিতাতে নিহত হৈছিল । কাৰাদণ্ডৰ ৰায় অনুসৰি যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকা জৰিমনা বিহা হয় । এই জৰিমনা অনাদায়ে অতিৰিক্ত ৩ মাহৰ কাৰাবাসৰ ৰায় দিয়ে।

প্ৰেৰক বিনোদ বিহাৰী নাথ

You might also like