নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এজন

নিয়মীয়া বাৰ্তা, ৭ জুন : ৰাজ্যত প্ৰতিদিনে অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান। কামৰূপ জিলাৰ বকো আৰক্ষীয়ে আজি দিনৰ ভাগত ড্ৰাগছৰ এক গোপন খবৰ লাভ কৰি বকো বজাৰৰ এখন জোতা আৰু কাপোৰ বিক্ৰী কৰা দোকানত অতৰ্কিতে অভিযান চলায়।এই অভিযানত দোকানখনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে বকো আৰক্ষীয়ে। উল্লেখ্য যে ৪৪টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ এপেকেট হেৰ’ইন জব্দ কৰিছে বকো আৰক্ষীয়ে। নগদ ধন ৮২২০ টকাসহ আটক কৰে দোকানখনৰ স্বতাধিকাৰী সৌন্দৰ্য দাসক।আটকাধীন সৌন্দৰ্য দাসৰ ঘৰ গোৱালপাৰাৰ আগিয়া উলুপাৰাত বুলি জানিব পৰা গৈছে। বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফণীন্দ্ৰ নাথৰ নেতৃত্বত উপ-পৰিদৰ্শক ননীগোপাল সৰকাৰসহ এটি আৰক্ষীৰ বৃহৎ দলে চলাইছিল এই অভিযান। জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য তিনি লক্ষাধিক টকা হ’ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। ইতিমধ্যে আটকাধীন লোকজনক বকো আৰক্ষীয়ে থানালৈ আনি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like