নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াৰ বালিকুৰিত দুই তীৰ মাফিয়াক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৭ জুনঃ কলগাছিয়াৰ বালিকুৰি বজাৰৰ পৰা দুই তীৰ মাফিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। তীৰৰ টিকট বিক্ৰী কৰি থকা অৱস্থাত হাতে লোটে কৰায়ত্ত কৰে বৰপেটা আৰক্ষীয়ে। আৰক্ষীৰ হাতত ধৰা পৰে তীৰ মাফিয়া আবু চায়েদ আৰু ৰেফাজ উদ্দিন। উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলত দীৰ্ঘদিনৰে পৰা চলি আহিছে তীৰ খেলৰ লগতে অবৈধ কাৰ্যকলাপ। তীৰ, জুৱা বৃদ্ধি পোৱাত যুৱ প্ৰজন্ম ধ্বংসৰ পথত গতি কৰিছে। ফলত বৃদ্ধি পাইছে চুৰি, ডকাইতি আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপ। বৰপেটা জিলাৰ কলগাছিয়া থানাৰ বালিকুৰি আৰক্ষী চকীৰ নিচেই কাষত আবু চায়েদ আৰু ৰেফাজ উদ্দিনৰ লগতে আন কেইবাজনো তীৰ মাফিয়াই চলাই আহিছিল তীৰৰ ৰমৰমীয়া ব্যৱসায়। বৃহস্পতিবাৰে সন্ধিয়া বৰপেটা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কুখ্যাত তীৰ মাফিয়া আবু ছায়েদ আৰু ৰেফাজ উদ্দিনক গ্ৰেপ্তাৰ কৰাৰ লগতে দুটা মোবাইল ফোনৰ লগতে ৯ হাজাৰ টকা জব্দ কৰে। উল্লেখ্য যে বিগত কিছু দিনৰ ভিতৰত বৃহত্তৰ এলেকাত তীৰৰ লগতে জুৱা খেলৰ দৰে অসামাজিক কাম ব্যাপকভাৱে বৃদ্ধি পাইছে। কিন্তু বালিকুৰি আৰক্ষী চকীৰ নিলগত বৰপেটা আৰক্ষীয়ে তীৰ মাফিয়াক গ্ৰেপ্তাৰ কৰাত ৰাইজে বৰপেটা আৰক্ষীক সন্তুষ্ট প্ৰকাশ কৰাৰ লগতে বলিকুৰি আৰক্ষীক দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। বৰ্তমান তীৰ মাফিয়া আবু ছায়েদ আৰু ৰেফাজ উদ্দিনক অধিক তদন্তৰ বাবে কলগাছিয়া থানাত ৰখা হৈছে।

প্ৰেৰক মফিদুল ইছলাম

You might also like