নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ দম্পতী ডাঃ সৌৰভ বৰুৱা-নিৰদা দত্তৰ মৰণোত্তৰ দেহ দানৰ চুক্তিত স্বাক্ষৰ

বিশেষ বাৰ্তা, ৭ জুনঃ মানৱ সমাজৰ হিতৰ বাবে খ্যাত অখ্যাত বহু ব্যক্তিয়ে সেৱা নিঃস্বাৰ্থভাৱে কৰি আহিছে। কেৱল জীবিত কালতেই নহয়। মৃত্যুৰ পিছতো মানৱ সমাজৰ হিতৰ বাবে অৰিহণা যোগোৱাৰ প্ৰয়াস কৰে একাংশ মানৱ হিতৈষী লোকে। তেওঁলোকে মানৱ সমাজৰ হিতৰ বাবে শৰীৰ বা শৰীৰৰ অংগ দি মৃত্যুৰ পাছতো মানৱ সেৱা কৰাৰ প্ৰয়াস কৰে। লখিমপুৰতো তেনে এক দম্পতীয়ে নিদর্শন দাঙি ধৰিছে। তেওলোকে মৃত্যুৰ পাছত তেওঁ লোকৰ শৰীৰ দুটা উৎসৰ্গা কৰিছে। লখিমপুৰৰ ডিজু ৰামপুৰ নিবাসী ডাঃ সৌৰভ বৰুৱা আৰু তেওঁৰ পত্নী, শিক্ষয়িত্ৰী নিৰদা দত্ত। তেওঁ লোকে মৰণোত্তৰভাৱে দেহ দুটা চিকিৎসা বিজ্ঞানৰ বাবে উৎসৰ্গা কৰে। আজি লখিমপুৰৰ মঙলময় পত্ৰিকাৰ কাৰ্য্যালয়ত নিৰাময় নামৰ এটা ন্যাসৰ সৈতে তেওঁ লোকে মৰণোত্তৰ দেহদানৰ চুক্তি পত্রত স্বাক্ষৰ কৰে। উল্লেখ্য নিৰাময় ন্যাসে প্ৰায় এশ লোকৰ মৰণোত্তৰ দেহ দান, নেত্ৰদান আদি স্বাক্ষৰ সম্পন্ন কৰিছে৷ এনে চুক্তি কৰা লোকৰ মৃতদেহ ইতিমধ্যে ন্যাসে চিকিৎসা বিজ্ঞানৰ বাবে অৰ্পণ কৰিছে। ন্যাসৰ পল্লবী নেওগ শইকীয়াই এই কথা সদৰী কৰে। অনুষ্ঠানটোত ন্যাসৰ সদস্যা দীপালী শইকীয়া, চন্দ্র প্ৰভা দাস, মঙলময় পত্রিকাৰ জিতেন বৰুৱা আদি উপস্থিত থাকে। দেহ দানৰ চুক্তি পত্ৰত স্বাক্ষৰ কৰি ডাঃ সৌৰভ বৰুৱাই কয় এই কামৰ বাবে সাহস লাগিব। মানৱ সমাজৰ প্ৰতি প্ৰেম ভাৱ থাকিব লাগিব। তেওঁলোকৰ দেহ চিকিৎসা বিজ্ঞানত ব্যবহাৰ কৰি মানৱ সমাজৰ হিত সাধন হব সেই দিশ লক্ষ্য ৰাখি তেওলোকে দেহ দান কৰা বুলি উল্লেখ কৰি এই কাম কৰিবলৈ পাই তেওলোক অত্যন্ত সুখী বুলি কয়।

প্ৰেৰক জীৱন গোস্বামী

You might also like