নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত কৃষিকৰ্মৰে ২০টাকৈ পৰিয়ালৰ কৰ্মসংস্থাপন

নিয়মীয়া বাৰ্তা, ৭ জুন : ৰাজ্যত এতিয়া চৌদিশে নিবনুৱা সমস্যাই সৃষ্টি কৰিছে ভয়াৱহ সমস্যাৰ৷ চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ শ্ল’গান দি আহিছে যদিও সেয়া সম্ভৱ হৈ উঠা নাই৷ তাৰ মাজতে স্বনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস কৰিছে একাংশ যুৱ প্ৰজন্মই ৷ স্বনিৰ্ভৰশীল হৈ পৰিয়াল পোহপাল দিয়াৰ লগতে বহুজনে এতিয়া সংস্থাপন দিছে বহু নিবনুৱা যুৱকক৷ তাৰ মাজতে তিনিচুকীয়া জিলাৰ পানীতোলাৰ উদ্যমী যুৱক ভাইজান বাইলুঙে (৩১) গঢ়ি তুলিছে কৃষি বিপ্লৱ৷ পানীতোলাৰ যুৱ উদ্যমী কৃষক ভাইজানৰ নেতৃত্বত তিনিচুকীয়াত চলিচে কৃষি কৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীলতাৰ সংগ্ৰাম। তিনিচুকীয়া জিলাৰ গোবিন্দপুৰ নামৰ ঠাইত এনেই চন পৰি থকা প্ৰায় ৮ বিঘাকৈ মাটিত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে যথেষ্ট চাহিদা থকা ভূট জলকীয়াৰ খেতি। ভোট জলকীয়া বহু ৰোগৰ ক্ষেত্ৰত স্বাস্থ্যৰ বাবেও উপযোগী৷ গতিকে গোবিন্দপুৰ অঞ্চলটোৰ চাৰি গৰাকীকৈ কৃষকক লগত লৈ আৰম্ভ কৰিছে ভোট জলকীয়াৰ খেতি। শাৰী শাৰীকৈ উন্নত পদ্ধতিৰে ৰূপন কৰি থোৱা ভোট জলকীয়া গছসমূহত এতিয়া লমালমে জলকীয়া লগাৰ লগতে পকিবলৈ আৰম্ভ কৰিছে। ভোট জলকীয়াসমূহ পকিবলৈ আৰম্ভ কৰাৰ লগতে হাঁহি বিৰিঙিছে কৃষকসকলৰ মুখত ৷ এই ভূট জলকীয়া খেতিৰ পৰা সপ্তাহত প্ৰায় ১০ কুইণ্টলৰো অধিক ভোট জলকীয়া লাভ কৰিছে কৃষকসকলে৷ এই উৎপাদিত ভূট জলকীয়া সমূহ বাণিজ্যিক চহৰ তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তলৈ বিক্ৰীৰ বাবে যায়। কিন্তু তেওঁলোকৰ অভিযোগ যে ভূট জলকীয়াৰ যি উচিত মূল্য সেয়া লাভ কৰিবলৈ সক্ষম হোৱা নাই কৃষকে৷ একাংশ মধ্যষ্ঠতাকাৰীৰ বাবে উচিত মূল্যৰ পৰা বঞ্চিত হৈছে কৃষকসকল ৷ গতিকে কৃষকে যাতে উচিত মূল্য লাভ কৰিব পাৰে তাৰ বাবে পৰিকল্পনা কৰিছে ভাইজান বাইলুঙৰ নেতৃত্বত কৃষকৰ দলটোৱে। ভোট জলকীয়া খেতি কৰি লাখে লাখে টকা উপাৰ্জন কৰা ভাইজান বাইলুঙৰ খেতিৰ জড়িয়তে স্থানীয় ২০টাকৈ পৰিয়ালৰ লোকে পাইছে কৰ্মসংস্থাপনৰ পথ। ইয়াৰ পূৰ্বে ভাইজান বাইলুঙে যথেষ্ট চাহিদা থকা তথা ঔষধি গুণযুক্ত লাৱণ্য ধানৰ (বেঙুনীয়া ধান) খেতি কৰিছিল। বছৰি বিভিন্ন খেতি কৰি স্বাৱলম্বী হোৱা ভাইজান বাংলুঙ এতিয়া তিনিচুকীয়াৰ গোবিন্দপুৰত ভোট জলকীয়াৰ খেতি কৰি বহু নিবনুৱা যুৱক যুৱতীৰ বাবে হৈ পৰিছে এক আদৰ্শবান খেতিয়ক। কুইণ্টেলে কুইণ্টেলে ভোট জলকীয়াৰ উৎপাদন হোৱা দেখি আনন্দিত হৈ পৰিছে কৃষক সকল আৰু চৰকাৰ তথা কৃষি বিভাগৰ তৰফৰ আশা কৰিছে প্ৰয়োজনীয় সঁহাৰিৰ৷

প্ৰেৰক বিবেক বড়া

You might also like