নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰাবাটৰ বিনায়ক চিমেণ্ট উদ্যোগত শ্ৰমিকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৭ জুন : সোণাপুৰ থানাৰ অন্তৰ্গত চৈধ্যমাইলস্থিত বিনায়ক চিমেন্ট উদ্যোগত অঘটন ৷ কাৰখানাত কাম কৰি থকা অৱস্থাতে মৃত্যুক সাবটিলে পশ্চিম কাৰ্বি আংলংৰ মংগল টেৰণ নামৰ ২৪ বছৰীয়া শ্ৰমিকজনে। একাংশ শ্ৰমিকে জনোৱা অনুসৰি কুনাল মিট্টাল মালিকানাধীন উদ্যোগটোৰ ভিতৰত মেচিনত কাম কৰি থকা অৱস্থাতে অন্য এগৰাকী শ্ৰমিকে বন্ধ কৰি থোৱা মেচিনৰ চুইটছ অন কৰি দিয়ে ৷ ফলত মেচিনটো চলাৰ লগে লগে মেচিনৰ ভিতৰত কাম কৰি থকা শ্ৰমিকজনে শোকাৱহভাৱে মৃত্যুক আঁকোৱালি লয়। দীৰ্ঘদিনৰে পৰা চিমেণ্ট উদ্যোগটোৱে প্ৰশাসনৰ সকলো নীতি-নিয়ম উলংঘা কৰি শ্ৰমিকৰ কোনো নিৰাপত্তা নোহোৱাকৈ এনেদৰে ব্যৱসায় চলাই থকাৰ অভিযোগ পোৱা গৈছে। শ্ৰমিকৰ কোনো নিৰাপত্তা নথকাৰ বাবে আজি নিৰীহ শ্ৰমিকজন মৃত্যু হবলগীয়া হল ৷ এইক্ষেত্ৰত শীঘ্ৰে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ লগতে মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতি পূৰণ দিবলৈ দাবী জনায় একাংশ ৰাইজৰ।

প্ৰেৰক ৰমেশ দাস

You might also like