নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেঙাৰ কাছুমাৰাত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ৭ জুন : বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা থানাৰ অন্তৰ্গত কাৰাইখাইতি বজাৰত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। বিধংসী অগ্নিকাণ্ডত প্ৰায় পাঁচ লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হোৱাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে, সংশ্লিষ্ট আৰক্ষী থানাৰ এলেকাধীন কাৰাইখাইতি বজাৰৰ পিয়াৰ আলীৰ চাহ দোকানত হঠাৎ দাওদাওকৈ জ্বলি জুই উঠাত জুইৰ লেলিহান শিখাই মুহুৰ্ততে ভয়ংকৰ ৰূপ ধাৰণ কৰি সমগ্ৰ চাহ দোকানখনক ঘেৰি ধৰাত দোকানখন সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। উক্ত বিধংসী অগ্নিকাণ্ডত দোকানখনৰ ভিতৰত থকা সকলো সা সামগ্ৰী জাহ যায়। উক্ত অগ্নিকাণ্ডত দোকানখনৰ স্বত্তাধিকাৰী পিয়াৰ আলীৰ প্ৰায় পাঁচ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে। গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ উক্ত বিধংসী অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । এই অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰেৰক আব্দুল হক

You might also like