নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় উদ্ভাৱনী কৃষক বঁটা লাভেৰে উজলিল লখিমপুৰৰ সুৰেন বৰা

নিয়মীয়া বাৰ্তা, ৭ জুন : জলবায়ু পৰিবৰ্তনৰ লগতে জনবিস্ফোৰনে পথাৰ শস্যৰ চাহিদা দিনক দিনে বৃদ্ধি কৰিছে। সমান্তৰালভাৱে কৃষি ভূমিৰ সংকোচনে কৃষি বিজ্ঞানীসকলক উচ্চ উৎপাদনক্ষম ধান বা শস্যৰ বীজ উৎপাদনত ব্যতিব্যস্ত কৰি তুলিছে। ফলস্বৰূপে সাতামপুৰুষীয়া লাহি শালি অসমৰ থলুৱা ধানসমূহো কৃষকৰ পথাৰৰ পৰা বিলুপ্তিৰ পথত ।কিন্তু লক্ষীমপুৰ নগৰৰ তেনেই সমীপৰ কৰ্চন গাঁৱৰ কৃষক সুৰেন বৰাই নীৰৱে এই থলুৱা ধানৰ জাতসমূহ সংৰক্ষণৰ বাবে বছৰ বছৰ ধৰি অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে।বয়সৰ লেখেৰে পঞ্চাশৰ দেওনা গৰকিলেও চিৰ তৰুণ এই উদ্যমী কৃষকগৰাকীয়ে ইতিমধ্যে নতুন দিল্লীষ্ঠিত “শস্যৰ জাত সুৰক্ষা কৃষকৰ অধিকাৰ আইন” (PPVFRA – Plant Protection Varieties Farmers Right Act)ৰ অধীনত লক্ষীমপুৰ জিলাৰ সাতবিধ থলুৱা ধানৰ জাত সংৰক্ষণ কৰি ২০২৪ বৰ্ষত তেখেতৰ নামত পঞ্জীয়ন কৰিবলৈ সক্ষম হয়। বিগত কেইবাবছৰ ধৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত কৃষক সুৰেণ বৰাই বিভিন্ন কৃষি কৰ্ম কৰি এজন সফল আদৰ্শ কৃষক হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে। নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিস্থানে (IARI: Indian Agricultural Research Institute) প্ৰতিবছৰে ভাৰতৰ চুকে কোনে দেশৰ কৃষি খণ্ডক আগুৱাই নিয়াৰ বাবে কাম কৰি থকা কৃষকসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান প্ৰদান কৰি আহিছে। ২০২৪ বৰ্ষৰ আই এ আৰ আই উদ্ভাৱনী কৃষক বঁটাৰ (IARI Innovative Award, 2024) বাবে সূৰেন বৰাক কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰে মনোনয়ন কৰে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকে এই মনোনয়নক অনুমোদন জনাই আই এ আৰ আইৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে। গৌৰৱৰ বিষয় যে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানেও উদ্যমী কৃষক গৰাকীক ৬ জুনত নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য চৌহদত অনুষ্ঠিত ৰাষ্ট্ৰীয় উদ্ভাৱনী কৃষক মেলা, ২০২৪ ত ভাৰতৰ কেইবাগৰাকীও পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৃষকৰ লগতে সুৰেন বৰাকো উক্ত ৰাষ্ট্ৰীয় বঁটাটি প্ৰদান কৰে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ উপ সঞ্চালক প্ৰধান ড° ইউ চি গৌতমে। ৰাষ্ট্ৰীয় উদ্ভাৱনী কৃষি বঁটাৰে বিভূষিত লখিমপুৰৰ কৃষক সুৰেন বৰাৰ আদৰ্শৰে অসমৰ কৃষক সমাজক নিশ্চিত ভাৱে উৎসাহিত কৰিব।

প্ৰেৰক সঞ্জীৱ দত্ত

You might also like