নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী লোকসভাৰ ১০টা বিধানসভাৰ ৯টাত প্ৰথম স্থানত বিজেপি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ জুনঃ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত এতিয়া দেশজুৰি আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ পৰ্যালোচনা পৰ্ব। একেদৰে অসমতো দুই প্ৰধান ৰাজনৈতিক দল শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলেও দলীয় ভিত্তিত পৰ্যালোচনা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। কিয়নো যোৰহাটৰ পাছতে নিৰ্বাচনৰ সময়ত চৰ্চিত হৈছিল গুৱাহাটী লোকসভা সমষ্টিত কোনটো দলে শেষ হাঁহি মাৰিব। অবশেষত ফলাফল ঘোষণা হোৱাৰ পাছত দেখা গল প্ৰত্যাশিতভাবে বিজেপিৰ বিজুলী কলিতা মেধিয়ে প্ৰায় ২.৫০ লাখ ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীক পৰাজিত কৰে। উল্লেখ্য যে কামৰূপ, কামৰূপ মহানগৰ আৰু গোৱালপাৰা জিলাৰ দহটা বিধানসভা সমষ্টিক লৈ গঠিত গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ বিজুলী কলিতা মেধিয়ে সংখ্যালঘু অধ্যুষিত ছমৰীয়া সমষ্টিৰ বাহিৰে বাকী ৯টা সমষ্টিত প্ৰথম স্থানত থাকিবলৈ সক্ষম হয়। তাৰ ভিতৰত গোৱালপাৰা পশ্চিমত বিজেপি দলে ৮০,৮২৫টা আৰু কংগ্ৰেছ দলে ৫২,০৫৩টা, দুধনৈত বিজেপি দলে ৯০,৫০২টা আৰু কংগ্ৰেছ দলে ৫২,০০৮টা , বকো-ছয়গাঁওত বিজেপি দলে ৯৬,৯৩৭টা আৰু কংগ্ৰেছ দলে ৫৩,৫৮৩টা, পলাশবাৰীত বিজেপি দলে ১,০৪,৩৪৭টা আৰু কংগ্ৰেছ দলে ৫৯,৯৯৮টা, দিছপুৰত বিজেপি দলে ১,০৩,৯৩৩টা আৰু কংগ্ৰেছ দলে ৫৯,৬৩১টা, ডিমৰীয়াত বিজেপি দলে ১,০৮,৯৮৩টা , নিউ গুৱাহাটীত বিজেপি দলে ৭৮,৩৮৭টা আৰু কংগ্ৰেছ দলে ৪৯,৬৩৯টা, মধ্য গুৱাহাটীত বিজেপি দলে ১,০২,৫৭৮টা আৰু ৩৩,৬১১টা, জালুকবাৰীত বিজেপি দলে ১,০৩,৭৩৫টা আৰু কংগ্ৰেছ দলে লাভ কৰে ৪৭,৪০১টা ভোট। আনহাতে ছমৰীয়া সমষ্টিত কংগ্ৰেছ দলে ১,৮১,৯৪৩ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি দলে লাভ কৰে ২১,৬৭৪টা ভোট।। ইফালে নিৰ্বাচনৰ আগে-পাছে বিজয়ী হব বুলি দাবী কৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে অলপ ভোটৰ ব্যৱধানত বিজয়ী হব বুলি দাবী কৰাৰ লগতে গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকলৰ গৰিষ্ঠসংখ্যক ভোট লাভ কৰিব বুলিও দাবী কৰিছিল। আনকি মীৰা বৰঠাকুৰ গোস্বামীয়ে পাহাৰৰ বাসিন্দাসকলৰ মাটিৰ সমস্যাটো সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও নিৰ্বাচনৰ আগতে ঘোষণা কৰিছিল। কিন্তু ফলাফল ঘোষণা কৰাৰ পাছত এখন বিপৰীত ছবিহে দেখা গল। কিয়নো পাহাৰৰ বাসিন্দাসকলৰ বেছিভাগেই ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ দৰে বিজেপিৰ প্ৰাৰ্থীক ভোটদান কৰা পৰিলক্ষিত হল। ইফালে অগপৰ জ্যেষ্ঠ নেতা আৰু পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই গুৱাহাটীৰ পাহাৰৰ বাসিন্দাসকলক কংগ্ৰেছ দলৰ অপপ্ৰচাৰত ভোল নগৈ মিত্ৰজোটৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক ভোটদান কৰি বিজয়ী কৰাত গুৰুত্বপুৰ্ণ ভূমিকা গ্ৰহণ কৰা বাবে পাহাৰত বাস কৰা বাসিন্দাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। সংবাদ মাধ্যমৰে আজি হোৱা চমু বাৰ্তালাপত বিধায়ক কলিতাই কয় ২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমত কংগ্ৰেছ দলে একেৰাহে ১৫ বছৰ কাল শাসনত আছিল। কিন্তু সেই সময়ত গুৱাহাটীৰ পাহাৰত বাস কৰা বাসিন্দা সকলৰ মাটিৰ সমস্যাটো সমাধান কৰাৰ সলনি মাটিৰ অধিকাৰ বিচৰা ৰাইজৰ ওপৰত দমন নীতিহে চলাইছিল। আনকি আৰক্ষীৰ গুলীত নিৰীহ লোকৰ প্ৰাণ গৈছিল। এই কথা আজিও পাহাৰৰ বাসিন্দা সকলে পাহৰা নাই। অগপ-বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে পাহাৰৰ বাসিন্দাসকলৰ মাটিৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত ৰাজনীতিৰ উৰ্দ্ধত বিজ্ঞানসন্মত নীতি গ্ৰহণ কৰিব। যাতে বাসিন্দা সকলৰ অধিকাৰৰ লগতে পাৰিপাৰ্শ্বিক ভাৰসাম্যয়ো অক্ষুণ্ণ থাকে। অৱশ্যে অসমৰ খিলঞ্জীয়া মুছলমান লোকসকলৰ বেছিভাগেই কিহৰ বাবে বা কাৰ প্ৰৰোচনাত পৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থীক বিপুল হাৰত ভোটদান কৰিছে তাৰ বাবে পুনৰ পৰ্যালোচনা কৰা হব বুলি বিধায়ক কলিতাই সদৰি কৰিছে। ইফালে অগপ দলৰ মধ্য গুৱাহাটী সমষ্টি কমিটিৰ সকলো কৰ্মৰ্কাতাই বিজেপি দলৰ কাৰ্যকৰ্তা সকলৰ সহযোগত কংগ্ৰেছ দলক প্রত্যাহ্বান জনোৱা বাবে গুৱাহাটীৰ ভিতৰত সৰ্বাধিক পাহাৰীয়া অঞ্চল থকা মধ্য গুৱাহাটীত কংগ্ৰেছ দলৰ মীৰা বৰঠাকুৰ গোস্বামীৰ তুলনাত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে অধিকসংখ্যক ভোট লাভ কৰা বাবে দুয়োটা দলৰে কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখ্য যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ হাতত মীৰা বৰঠাকুৰ গোস্বামীয়ে শোচনীয়ভাবে পৰাজয়বৰণ কৰিছিল।

You might also like