নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈঠালাংছʼৰ ৰজাগাঁৱত চোকা অস্ত্ৰৰে যুৱকক আক্ৰমণ

🔹 বজাৰ এলেকাত ডাম্পাৰ ৰখোৱাক কেন্দ্ৰ কৰি বিষম পৰিণতি

নিয়মীয়া বাৰ্তা, ৮ মে’ : নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত বৈঠালাংছʼৰ সমীপৰ ৰজাগাঁৱত যোৱানিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা। বালি কঢ়িওৱা ডাম্পাৰ ৰখোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা। এখন হোটেলৰ মালিক তথা ডাম্পাৰৰ চালকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে সুজিত চন্দ নামৰ এজন যুৱকক। আহত সুজিতক ততাতৈয়াকৈ নিশাই উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে হয়। উল্লেখযোগ্য যে ৰজাগাওঁ দৈনিক বজাৰত বালি কঢ়িওৱা ডাম্পাৰ ৰখোৱাৰ ফলত যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে বালিৰ পৰা নিৰ্গত পানীয়ে পথৰ ক্ষতি কৰি আহিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰজাগাঁও বজাৰ সমিতিয়ে ৰজাগাঁও দৈনিক বজাৰ এলেকাত ডাম্পাৰ ৰখোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। কিন্তু একাংশ ডাম্পাৰ চালকে বিষয়টো উপলুঙা কৰি প্ৰায়ে এখন হোটেলৰ সন্মুখত বালিভৰ্তি ডাম্পাৰ ৰখাই সমস্যাৰ সৃষ্টি কৰি আহিছে। স্থানীয় সচেতন যুৱক সুজিত চন্দে ডাম্পাৰ চালকজনক ডাম্পাৰখন আঁতৰ কৰিবলৈ কʼবলৈ যাওঁতে হোটেলখনৰ মালিকসহ চালকজনে যুৱকজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। ইফালে, উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত একাংশ মহিলাই সুজিতক আক্ৰমণ কৰা ঘটনাৰ লগত জড়িত হোটেলখন ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে এই সন্দৰ্ভত কচুৱা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ভুক্তভোগী যুৱকৰ পৰিয়ালে।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like