নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্থেবাৰী পৌৰসভাই খন্দা নলাৰ গাঁতত খহিল কঁহাৰ সংঘৰ দেৱাল

🎯 বৰষুণৰ বতৰত তিনি দিনৰ ভিতৰত ঘৰ-দেৱাল ভঙা জাননীক লৈ ক্ষোভ

নিয়মীয়া বাৰ্তা, ১৪ জুন : কাঁহশিল্প নগৰী সৰ্থেবাৰীৰ কদৰ্য বাট পথে যমৰ যাতনা ভুঞ্জাইছে সৰ্থেবাৰীৰ নাগৰিকক। এজাক বৰষুণ আহিলেই সৰ্থেবাৰী পুৰণ বজাৰকে ধৰি বহু ঠাইত কৃত্ৰিম বানে জুৰুলা কৰে নাগৰিকক। পানী নিষ্কাশনৰ বাবে পূৰ্বেও নলাৰ আঁচনি অনুমোদিত হৈছিল যদিও সেই সময়ৰ সৰ্থেবাৰী নগৰ সমিতিৰ কাণ্ডজ্ঞানহীনতাৰ বাবে প্ৰয়োজনীয় ঠাইত নলা নিৰ্মাণ কৰাৰ সলনি অপ্ৰয়োজনীয় ঠাইত নলাৰ নিৰ্মাণ কৰা আৰু বিজ্ঞানসন্মতভাবে নলা নিৰ্মাণ নকৰাত আঁচনি ৰূপায়ণৰ সমস্ত ধন পানীত পৰে।পুৰ্বে নিৰ্মাণ কৰা নলা সমুহ এতিয়া ভালুকৰ সাঙীত পৰিণত হৈছে। একেই ঘটনাৰ যেন পুনৰাবৃতি কৰিব বিচাৰিছে সৰ্থেবাৰী পৌৰসভাই।সৰ্থেবাৰী পুৰণ বজাৰৰ পানী নিষ্কাশনৰ বাবে প্ৰায় তিনি বছৰ পুৰ্বে ৩৫০ মিটাৰ দৈৰ্ঘ্যৰ এক নলাৰ নিৰ্মাণ আঁচনি অনুমোদন কৰা হৈছিল। মূল পথৰ মাজৰ পৰা ১২ ফুট ৬ ইঞ্চি আঁতৰৰ পৰা নিৰ্মাণ হৱ লগীয়া ৩৫০ ফুট দৈৰ্ঘ্যৰ এই নলাৰ বাবে ৩৭ লাখ টকা ধাৰ্য্য কৰা হৈছে। সৰ্থেবাৰী পুৰণ বজাৰৰ পৰা অসম সমবায় কঁহাৰ সংঘৰ কাষেৰে গৈ সৰ্থেবাৰী সভাৰ খলাৰ পুব দিশেৰে আল্পাজানত সংযোগ হৱলগীয়া এই নলাৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সৰ্থেবাৰী পৌৰসভাই গ্ৰহণ কৰা হুৰমুৰ যাত্ৰাৰ বাবে এতিয়া ক্ষোভিত হৈছে স্থানীয় লোক। অসম সমবায় কঁহাৰ সংঘক কোনো জাননী নিদিয়াকৈ কালি আবেলি কঁহাৰ সংঘৰ পকী দেৱালৰ কাষত জেচিবি লগায় নলাৰ নিৰ্মাণৰ বাবে যধেমধে খান্দি দিয়ে। কালি দিনতো বৰষুণ অহাৰ লগতে নিশা বৰষুণ অহাত অসম সমবায় কঁহাৰ সংঘৰ পকী দেৱাল বৰ বেয়াকৈ খহি পৰে।সমান্তৰালকৈ অসম সমবায় কঁহাৰ সংঘৰ অতি পুৰণি মুল গৃহলৈ সংকট নামি অহাৰ উপৰি অসম সমবায় কঁহাৰ সংঘৰ প্ৰতিস্থাতা নামনি অসমৰ প্ৰথম অনাৰ্চ গ্ৰেজুৱেট তথা চন্দ্ৰকান্ত অভিধানৰ অন্যতম সংকলক কোহিৰাম দাসৰ আবক্ষ মুৰ্তিৰ বাবেও সংকট আহি পৰিছে।যাৰ বাবে ক্ষোভিত হৈ পৰে স্থানীয় লোক। প্ৰায় তিনি বছৰ পূৰ্বেই অনুমোদিত এই নলাৰ কাম কি কাৰণত খৰালী নকৰি পেলাই থৈ দিছিল সেই লৈ এতিয়া ক্ষোভিত লোকে প্ৰশ্ন উত্থাপন কৰি আজি পৌৰপতি স্বৰ্ণলতা বৰ্মনক জবাবদিহি কৰে। কমিচনৰ অংক নিমিলাৰ বাবেই ৰাইজৰ স্বাৰ্থক জলাঞ্জলি দি পৌৰসভাই উন্নয়ন মুলক আঁচনি সমুহ সঠিক সময়ত ৰূপায়ণ নকৰি পেলাই থৈ দিয়া বুলি আজি বহুতে অভিযোগ উত্থাপন কৰে। ইপিনে অতি ব্যস্ত পথটোত এইদৰে নলাৰ নিৰ্মাণ কৰাৰ নামত খন্দা গাঁতৰ বাবে যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হৱ পাৰে বুলিও আশংকা কৰে স্থানীয় লোকে। আনহাতে নলাৰ নিৰ্মাণ কৰাৰ বাবে পথৰ সীমাত থকা ব্যৱসায়ী বা আবাসী সকলৰ পকী দেৱাল বা আবাসগৃহৰ বেৰ আদি তিনি দিনৰ ভিতৰত ভাঙি দিয়াৰ বাবে জাননী প্ৰেৰণ কৰাক লৈও ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকে।এই বৰষুণৰ বতৰত কি দৰে তিনিদিনৰ ভিতৰত নিজৰ ব্যৱসায়ীক প্ৰতিস্থানৰ পকী বেৰাৰ বা আবাসগৃহৰ পকী বেৰ- দেৱাল আদি ভাঙি দিব সেই লৈ প্ৰশ্ন উত্থাপন কৰি আজি ক্ষোভ ব্যক্ত কৰে।আনহাতে এই সম্পৰ্কত পৌৰসভাক লিখিত ভাবে জনাইছে স্থানীয় লোকে। পুৰণ বজাৰৰ পানী নিষ্কাষণৰ বাবে অতি জৰুৰী এই নলাৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণিতেই এইদৰে কেনা লগাত পৌৰসভাকে জগৰীয়া কৰিছে অঞ্চলটোৰ ৰাইজে। আনহাতে পৌৰসভাৰ কাম কাজক লৈ যথেষ্ট ক্ষুন্ন হৈ পৰিছে সৰ্থেবাৰীৰ নাগৰিক। সৰ্থেবাৰী পৌৰসভাৰ বৰ্তমানৰ সমিতিখনে ৰাইজৰ স্বাৰ্থক পিঠি দি কাম কৰা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে পৌৰপতি গৰাকীয়ে নিজৰ খেয়াল খুচিমতে পৌৰসভা পৰিচালনা কৰা বুলিও অভিযোগ উত্থাপন কৰে। অতি জৰুৰী এই নলা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সৰ্থেবাৰী পৌৰসভাই বৈজ্ঞানিক ভিত্তিত কিদৰে আগবাঢ়িব সেয়া হৈছে লক্ষণীয়।

প্ৰেৰক নকুল তালুকদাৰ

You might also like