নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ সমাজকৰ্মী চৈয়দ গোলাম ৱাৰিচৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ ওৰেটো জীৱন সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ ৰাইজলৈ নিঃস্বৰ্ত সহায়ৰ হাত আগবঢ়াই অহা জনপ্ৰিয় সমাজকৰ্মী, প্ৰতিষ্ঠিত ঔষধ ব্যৱসায়ী তথা জিলা স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আলহাজ চৈয়দ গোলাম ৱাৰিচ (৭২)ৰ আজি পুৱা ৯ বজাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিং হোমত মৃত্যু হোৱাৰ খবৰে সমগ্ৰ জিলাখনতেই গভীৰ শোঁকৰ ছা পেলাইছে৷শিৱসাগৰৰ সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত এই জনপ্ৰিয় ব্যক্তিগৰাকী দীৰ্ঘ দিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল। আজি বিয়লি তেওঁৰ নশ্বৰ দেহ নগৰৰ বাবুপট্ৰিৰ খিজনুৰ আলি পথত থকা নিজা বাসভৱনলৈ অনাৰ পাছত অগনন গুণমুগ্ধৰ আগমন ঘটে। বহু শুভাকাঙ্ক্ষী আৰু ৰাইজে তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰিও দুজন পুত্ৰ, বোৱাৰীৰ লগতে দুই ভাতৃ- ভগ্নী সহ এটা বৃহত পৰিয়াল ইহ সংসাৰত এৰি থৈ যায়। এই জনপ্ৰিয় সমাজ দৰদী ব্যক্তি গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। চৈয়দ গোলাম ৱাৰিচে অৱসৰ গ্ৰহণৰ পাছৰে পৰা শিৱসাগৰ জিলা হজ কমিটীৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। হজযাত্ৰীসকলক হজৰ পূৰ্বে বেজী আৰু দৰৱ আদি যোগান ধৰাত তেওঁ আগভাগ লৈছিল। বিগত ৩০ বছৰৰো ধৰি সময় তেওঁ হজ কমিটীৰ সদস্য হিচাপে হজযাত্ৰীসকলক সৰ্বতোপ্ৰকাৰে সহায় সহযোগিতা আগবঢ়াই আহিছিল। বাবুপট্ৰিৰ বাসভৱনত নশ্বৰ দেহ কিছু সময় ৰখাৰ পাছত তেওঁৰ নশ্বৰ দেহ শিৱসাগৰ নগৰৰ সমীপৰ আমগুৰি চাৰিআলিত থকা থকা পিতৃগৃহলৈ নিয়া হয়। কাইলৈ পুৱা ৯ বজাত আমগুৰি গাঁৱত থকা পিতৃ গৃহৰ নিজা কবৰস্থানত তেওঁৰ জানাজা সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ সুত্ৰই জনাইছে ৷ আলহাজ চৈয়দ গোলাম ৱাৰিচৰ মৃত্যুত শিৱসাগৰ জিলা হজ কমিটী,আমগুৰি গাও মচজিদ পৰিচালনা সমিতি, আমগুৰি যুৱ জামাত, উজনি অসম মুছলিম কল্যাণ পৰিষদ, বাবুপট্ৰি জুম্মা মছজিদ পৰিচালনা সমিতি,স্বেচ্ছাসেৱী অনুস্থান বিকিৰণ,সমাজকৰ্মী মুজিবুৰ ৰহমান, জেঙনিকটীয়া জুম্মা মছজিদ পৰিচালনা সমিতি, ড০ ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিতি, তৰুণ সংঘ ৰিডিং ক্লাব, অৰুনোদয় সাহিত্য সভা, ৰংপুৰ জ্যোতি ক্লাব, বাইতুল মাল সমিতি, অসমীয়া যুৱ মঞ্চ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, মৰিয়া ছাত্ৰ সন্থা, দিখৌপৰীয়া সন্মিলিত যুৱ মঞ্চ, ধৰি বহু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like