নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিফুত হত্যাৰ বলি শুকুৰিৰ পৰিয়ালক সাহায্য কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ

বিশেষ বাৰ্তা, ১৫ জুন : ডিফুত দুৰ্বৃত্তৰ গুলীত নিহত শুকুৰি তিছ’পীৰ আত্মীয়ক পাঁচ লাখ টকাৰ চেক প্ৰদান কৰিছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাংসহ পৰিষদৰ এটি প্ৰতিনিধি দলে নিহত শুকুৰি তিছ’পীৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ডেনগাঁও এলেকাৰ বিৰৱাৰস্থিত গৃহত উপস্থিত হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পিনৰ পৰা শুকুৰিৰ পিতৃৰ হাতত তুলি দিয়া হয় পাঁচ লাখ টকাৰ এখন চেক। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে সঠিক তদন্ত আৰু অপৰাধীৰ উপযুক্ত শাস্তিৰ আশ্বাস দিয়ে পৰিয়ালটোক। উল্লেখ্য যে ডিফুৰ ১২নং ৱাৰ্ডৰ আৰ্লং লাংছ’ত সংঘটিত হৈছিল এক লোমহৰ্ষক ঘটনা। ঘটনা অনুসৰি ঘৰৰ ভিতৰতে এগৰাকী যুৱতীক গুলীয়াই হত্যা কৰা হৈছিল। হত্যাৰ বলি হোৱা যুৱতীগৰাকী আছিল শুকুৰি তিছ’পী (২৩)। যুৱতীগৰাকীক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল। নিশা শুই থকা অৱস্থাত দুৰ্বৃত্তই যুৱতীগৰাকীক গুলীয়াই হত্যা কৰে। ডিফুত দুই ভগ্নীসহ বসবাস কৰিছিল যুৱতীগৰাকীয়ে । নিশা কেঁচা ঘৰত সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই।

প্ৰেৰক ‌ৰাজু কাঠাৰ

You might also like