নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্লু ষ্টাৰৰ নতুন ৰুম এচিৰ ১০০ৰো অধিক মডেল মুকলি

বিশেষ বাৰ্তা, ১৯ জুন : ব্লু ষ্টাৰ লিমিটেডে কালি ১০০ৰো অধিক সুলভ আৰু প্রিমিয়াম মডেলৰ ৰুম এচি মুকলি কৰিছে৷ সামগ্রিকভাৱে কোম্পানীয়ে ইনভার্টাৰ, ফিক্সড স্পীড আৰু উইণ্ড’ এচিৰ বর্ণালীত আৰু সকলো গ্রাহকলৈ লক্ষ্য কৰি ১০০ৰো অধিক মডেল মুকলি কৰিছে৷ অধিক ব্যৱহাৰযোগ্য, উপার্জন বৃদ্ধি পোৱা মধ্যবিত্তীয় গ্রাহকৰ অধিক প্রয়োজনীয় হৈ পৰাৰ বাবে বজাৰত ৰুম এচিৰ যথেষ্ট চাহিদা দেখা গৈছে৷ কোম্পানীটোৱে ইনভার্টাৰ স্প্লীট ‘ছেগমেণ্ট’ত তিনিটা এচি মুকলি কৰিছে৷ ইয়াৰ ভিতৰত আছে ২ ষ্টাৰ, ৩ ষ্টাৰ আৰু ৫ ষ্টাৰ ভেৰিয়েণ্টৰ ফ্লেগশ্বিপ, প্রিমিয়াম আৰু সুলভ ৰেঞ্জ৷ যিসমূহৰ প্রাৰম্ভিক মূল্য ২৯,৯৯০ টকা৷ শেহতীয়াকৈ মুকলি কৰা নতুন এচিসমূহত গ্রাহকৰ অনুকূল বিভিন্ন বৈশিষ্ট্য সন্নিৱিষ্ট কৰা হৈছে৷ ইয়াৰ ভিতৰত আছে ‘এআই প্র’’ নামৰ এটা নতুন উদ্ভাৱনী বৈশিষ্ট্য, যি হৈছে বিভিন্ন পেৰামিটাৰ অনুভৱ কৰা, এডজাষ্ট কৰিব পৰা আৰু সর্বোচ্চ আৰাম প্রদান কৰা৷ ইয়াৰ লগতে এইবোৰত দ্রুত শীতলতাৰ বাবে ‘টার্বোকুল’ৰ দৰে সুবিধা ৰখা হৈছে৷

You might also like