নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘবৰত লুইতৰ খহনীয়াৰ কবলত ঐতিহাসিক সত্ৰৰ একমাত্ৰ পথ

নিয়মীয়া বাৰ্তা, ১৯ জুন : এইবাৰ লুইতৰ খহনীয়াৰ কবলত পৰিছে বাঘবৰৰ ঐতিহাসিক বৈঠাপুটা ঘাট সত্ৰৰ লগতে সত্ৰখনৰ একমাত্ৰ মূল পকী পথছোৱা। সত্ৰখনৰ একমাত্ৰ মূল পকী পথছোৱাৰ মাজত এতিয়া মেলিছে বৃহৎ বৃহৎ ফাঁট । যিকোনো মুহূৰ্ততে নদীৰ বুকুত পথছোৱা বিলীন হোৱাৰ তীব্ৰ আশংকা। ইতিমধ্যে সত্ৰীয়া ৰাইজে পথছোৱাৰ মাজত বাঁহ বান্ধি বন্ধ কৰি দিছে যাতায়াত ব্যৱস্থা। জৰুৰীভাৱে প্ৰতিৰোধী ব্যৱস্থা নলʼলে পথছোৱা নদীত জাহ যোৱাৰ লগতে ৫০ মিটাৰ নিলগত থকা সত্ৰখনো সম্পূৰ্ণ ৰূপে খহনীয়াৰ কবলত পৰিব। জলসম্পদ বিভাগ আৰু গড়কাপ্টানী বিভাগে পথছোৱা খহনীয়াৰ পৰা ৰক্ষা নকৰিলে সত্ৰখনৰ নিত্য নৈমিত্তিক কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ যাব । সেয়ে এতিয়া তীব্ৰ আশংকাত ভোগা সত্ৰৰ ভকত-বৈষ্ণৱসকলে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে ।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like