নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালীত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হোৱাৰ মন ভূপেন বৰাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ জুনঃ গুৱাহাটীত চি পি আই (এম-এল)ৰ সৈতে বৈঠক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ বিহালীত বিৰোধী ঐক্যমঞ্চৰ সৰ্বসম্মত প্ৰাৰ্থী হোৱাৰ মন ভূপেন বৰাৰ৷ চি পি আই (এম এল) য়ে সহায় কৰিলে বিহালী বিধানসভা সমষ্টিৰ উপ-নির্বাচনত প্রতিদ্বন্দ্বিতাৰ কৰিব প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ বিহালী বিধানসভা সমষ্টিৰ উপ নির্বাচন সন্দৰ্ভত কালি অসম প্রদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী ঐক্যমঞ্চ, অসমৰ সভাপতি ভূপেন বৰাৰ লগত চি পি আই (এম-এল)ৰ অসম ৰাজ্যিক সমিতিৰ এটি উচ্চস্তৰীয় প্রতিনিধি দলে সভাপতিগৰাকীৰ গুৱাহাটীৰ বাসভবনত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। প্রতিনিধি দলটোত আছিল চি পি আই (এম-এল)ৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাস, ৰাজ্যিক কর্ণধাৰ সমিতিৰ সদস্য পংকজ কুমাৰ দাস, ৰাজ্যিক সদস্য সুব্রত তালুকদাৰ। উপ-নিৰ্বাচনত বিহালীৰ আসনখন দাবী কৰিছে চি পি আই (এম-এল) য়ে ৷ চি পি আই (এম-এল)ৰ তৰফৰ পৰা কংগ্ৰেছক লিখিতভাৱে জনোৱা হয় যে ২০২১ চনৰ অসম বিধানসভা নির্বাচনত বিৰোধী মহাজোঁটে বিহালী আসনখন চি পি আই (এম-এল) দলক এৰি দিছিল আৰু চি পি আই(এম-এল)য়ে প্রায় ২২ হেজাৰ ভোট লাভ কৰিছিল। আগন্তুক উপ নিৰ্বাচনত সমষ্টিটোৰ পৰা CPI(ML)য়ে প্ৰতিদ্বন্দ্ব্বিতা কৰিবলৈ মন মেলিছে বুলি প্ৰতিটো বিৰোধী ঐক্যমঞ্চৰ দললৈ পত্ৰ প্ৰেৰন কৰিছে CPI(ML)য়ে৷ আনহাতে বিহালীৰ উপ- নির্বাচনত চি পি আই-এম এলে প্রতিদ্বন্দ্বিতা নকৰিলে প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজে প্রতিদ্বন্দ্বিতা কৰিব ৷ ইতিমধ্যে চি পি আই (এম এল)ৰ পৰা বিহালীত নিৰ্বাচন খেলিবলৈ সহায় বিচাৰিছে ভূপেন বৰাই৷

You might also like