ভাইব্রেণ্ট বিটিআৰ : ২০৮৪.৭৮ কোটি টকাৰ বাজেট দাখিল প্রমোদ বড়োৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ জুনঃ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিধান পৰিষদীয় ভৱনত কালিৰে পৰা দুদিনীয়া কার্যসূচীৰে চলি থকা বিটিচিৰ বাজেট অধিৱেশনৰ আজি সামৰণি পৰে৷ অধ্যক্ষ কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত বিটিচিৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় তথা অন্তিম দিনা ২০২৪-২৫ বিত্তীয় বর্ষৰ বাবে বিটিচিৰ সাধাৰণ বাজেট ২০৮৪ কোটি ৭৮ লাখ ৬১ হাজাৰ টকা সর্বসন্মতিক্রমে সদনৰ মজিয়াত গৃহীত হয়৷ লগতে চল্লিশটা বিভাগত এছ’পিডিৰ অধীনত ৮০৩ কোটিৰ বাজেটো সর্বসন্মতিক্রমে গৃহীত হয়৷ বিটিআৰৰ এছ’পিডিৰ ৮০৩ কোটি টকাৰ বাজেটত সর্বাধিক শিক্ষা বিভাগত ১০৫.০৫ কোটি টকা আবণ্টন দিয়াৰ বিপৰীতে ভৈয়াম জনজাতি কল্যাণ আৰু পিছপৰা শ্রেণী বিভাগত ৯৮.৬৩ কোটি টকা, লোকনির্মাণ বিভাগত ৯৩.৬৯ কোটি টকা, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত ৩৮.৫২ কোটি টকা, কৃষি বিভাগত ২৬.৯৪ কোটি টকা, বন বিভাগত ৩৮.৩৮ কোটি টকা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৪৭.৭৪ কোটি টকা আবণ্টন দিয়া হৈছে৷ আনহাতে, লটাৰী বিভাগত সর্বনিম্ন এক লাখ টকা আবণ্টন দিয়া হৈছে৷ তদুপৰি গ্রীন বড়োলেণ্ড মিছনৰ বাবে বাজেটৰ ২ শতাংশ, বড়োলেণ্ড চাইল্ড ৰাইট মিছনৰ বাবে বাজেটৰ ১ শতাংশ ধার্য কৰা হৈছে৷ বিশেষভাৱে সক্ষম লোকৰ বাবে বাজেটৰ ১ শতাংশ ধন ধার্য কৰা হৈছে৷ বিটিআৰ প্রধানৰ বিশেষ আঁচনিৰ বাবে ৩৫ কোটি টকা আবণ্টন দিয়া হৈছে৷ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ বাবে এইবাৰ ৮০ কোটি টকা ধার্য কৰা হৈছে৷ ইপিনে, কোকৰাঝাৰৰ আৰএনবি চিকিৎসালয়ৰ কেইবাটাও বিভাগ কোকৰাঝাৰ মেডিকেল কলেজলৈ স্থানান্তৰ কৰা বিষয়ক লৈ আজি সদনত বিতর্কৰ সৃষ্টি কৰে বিৰোধীয়ে৷ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে আৰএনবি চিকিৎসালয়ৰ পূর্বৰ স্থিতি বাহাল ৰখাৰ দাবী উত্থাপন কৰে৷ ইফালে, বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে এইবাৰৰ বাজেটখন সন্দর্ভত সদনত কয় যে এইখন বাজেট ভাইব্রেণ্ট বিটিআৰৰ বাজেট৷ জনসাধাৰণকেন্দ্রিক এই বাজেটেৰে প্রয়োজন অনুসৰি সম্পদ সৃষ্টি, আন্তঃগাঁথনি উন্নয়ন, আঁচনি আৰু প্রকল্প ৰূপায়ণ কৰা হ’ব৷ অসম্পূর্ণ হৈ থকা কোকৰাঝাৰ ট্রেড চেণ্টাৰ প্রকল্পৰ উল্লেখ কৰি তেওঁ কয় যে আৰম্ভণিতে এই প্রকল্পটোৰ বিষয়ে ভালদৰে চিন্তা কৰা হোৱা নাছিল৷ যাৰ পৰিণতিত এই প্রকল্পটো অসম্পূর্ণ হৈ থকাৰ লগতে কোটি কোটি টকা লোকচান হৈছে৷ আমি উদ্দেশ্য পূৰণ নোহোৱা কোনো কাম কৰাৰ পদক্ষেপ হাতত নলওঁ৷ অঞ্চলটোৰ পৰা গুণগত চিকিৎসক, অভিযন্তা আৰু বিজ্ঞান স্নাতক সৃষ্টিত গুৰুত্ব থকাৰ বিষয়ে উল্লেখ কৰি কয় যে বডোফা ছুপাৰ ৫০ মিছনে প্রাথমিক পর্যায়ৰ পৰা আৰম্ভ কৰি শৈক্ষিক খণ্ডত নতুন পৰিৱেশ সৃষ্টি কৰিছে৷ কেইবা দশকৰ হিংসা–সংঘাতৰ পিছত অঞ্চলটোলৈ এতিয়া শান্তি উভতি আহিছে৷ ইয়াৰ ফলত এতিয়া জনসাধাৰণৰ আশা, সপোন ৰূপায়ণ কৰাৰ পৰিৱেশ আহিছে৷ বড়োৱে কয়– ‘যেতিয়া শান্তি থাকে, ভাল ভাল কাম হৈ উঠে৷ কিন্তু শান্তি নাথাকিলে আমি, মানুহে ভুল কৰিবলৈ বাধ্য হওঁ৷’ আনহাতে, আজি বাজেট অধিৱেশনৰ দ্বিতীয় দিনা কেইবাগৰাকী ইএম আৰু এমচিএলএ বিভিন্ন বিষয়ক লৈ সদনত মত ব্যক্ত কৰে৷ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কার্যবাহী সদস্য গৌতম দাসে মিছন মোডত কাম কৰি বিভিন্ন খণ্ডত থকা ব্যৱধান আঁতৰোৱাৰ পোষকতা কৰি কয় যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মিছন মোডৰ কার্যসূচীসমূহ ৰূপায়ণ কৰি আহিছে৷ পর্যটন বিভাগৰ কার্যবাহী সদস্য ধর্ম নাৰায়ণ দাসে পূর্বৰ হাগ্রামা মহিলাৰী নেতৃত্বাধীন পৰিষদ আৰু বর্তমান প্রমোদ বড়ো নেতৃত্বাধীন পৰিষদৰ কাম–কাজৰ পার্থক্যৰ বিষয়ে উল্লেখ কৰি কয় যে প্রমোদ বড়োৱে দীর্ঘকালীন আৰু হ্রস্বকালীন দৃষ্টিভংগীৰে কৰা কামৰ বাবে এতিয়া বিটিআৰ অঞ্চলত পৰিৱর্তন আহিছে৷ সেইদৰে বাজেট অধিৱেশনৰ সামৰণিৰ বক্তব্যত বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে কয় যে বিটিআৰত বসবাস কৰা সকলো জাতি–জনগোষ্ঠীক সমানে সুবিধা প্রদানৰ ভিছন লৈ এই চৰকাৰ আগবাঢ়িছে৷ আটাইৰে আশা–আকাংক্ষা এইবাৰৰ বাজেটে পূৰণ কৰিব৷ এইবাৰৰ বাজেটত ভাইব্রেণ্ট বিটিআৰৰ বাবে ১০০ দিনৰ কামৰ একচন প্লেন, বিভিন্ন পর্যায়ত মাহৰ বৈঠক আৰু প্রতিবেদনৰ ব্যৱস্থা, বড়োলেণ্ডৰ শিশুৰ অধিকাৰ মিছন, শাৰীৰিকভাৱে অক্ষম লোকক সবলীকৰণৰ কার্যসূচী, মহিলা সবলীকৰণ মিছন, মুখ্য কার্যবাহী সদস্যৰ বিশেষ উদগনি আঁচনি, গ্রীন বড়োলেণ্ড মিছন, ভিচিএলচি আৰু এছডিজিৰ প্রায়োগিক কার্যসূচী গ্রহণ কৰা হৈছে৷