নিয়মীয়া বাৰ্তা, ৩ মার্চঃ সমাগত পৌৰ নির্বাচন আৰু ২০২১ বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি পশ্চিমবংগত শাসকীয় তৃণমূল কংগ্রেছে নতুন শ্লোগানেৰে অভিযান আৰম্ভ কৰিছে ৷ কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিয়ে পশ্চিমবংগৰ পৰা মমতা বেনার্জী নেতৃত্বাধীন টি এম চিক উৎখাতৰ বাবে ইতিমধ্যে অভিযান আৰম্ভ কৰাৰ পিছত মমতা বেনার্জীও নতুন কৌশলেৰে আৰম্ভ কৰিলে অভিযান৷ মুখ্যমন্ত্রী বেনার্জীয়ে বিগত সময়ছোৱাত ৰূপায়ণ কৰা উন্নয়নৰ কাম–কাজক জনতাৰ মাজত বিয়পাই দিয়া লক্ষ্যৰে আৰম্ভ কৰিছে নতুন শ্লোগানেৰে অভিযান ‘বাংলা গর্ব মমতা’ৰ৷ আজি আৰম্ভ কৰা এই নতুন শ্লোগানটোৰে প্রথম পর্যায়ত জনতাৰ হূদয় জয় কৰাৰ বাবে কার্যসূচী ৭৫ দিন চলিব৷ দলটোৰ দ্বাৰা শাসিত পৌৰ নিগমৰ কাউন্সিলৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত আজি মুখ্যমন্ত্রী বেনার্জীয়ে নতুন কার্যসূচী আৰম্ভ কৰে৷ উল্লেখ্য যে ১০৭ পৌৰসভা আৰু কলকাতা পৌৰ নিগমৰ নির্বাচন চলিত বর্ষতে অনুষ্ঠিত হ’ব৷ এই নির্বাচনক ক্ষুদ্র বিধানসভা নির্বাচন বুলি অভিহিত কৰা হৈছে ৷