নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাট্যকাৰ-অভিনেতা শৈলেন কুমাৰ নাথৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ২০ জুন : যোৰহাটৰ সামাজিক, সাংস্কৃতিক ক্ষেত্রখনৰ এটি চিনাকি নাম শৈলেন কুমাৰ নাথ আৰু নাই। বিশিষ্ট নাট্যকাৰ, পৰিচালক, সমালোচক, প্রবীণ সাংবাদিকগৰাকীয়ে আজি পুৱা ৭৫ বছৰ বয়সত যোৰহাটৰ উপকণ্ঠৰ বাহনা ধৌৱাপুখুৰীৰ নিজা বাসগৃহতে মৃত্যুক সাবটি লয়। আজি পুৱা হঠাৎ সাংস্কৃতিক কর্মীগৰাকীয়ে কিছু অসুস্থ অনুভৱ কৰাত পৰিয়ালৰ লোকে চিকিৎসালয়লৈ আনিবলৈ যো জা কৰোঁতেই তেওঁৰ মৃত্যু হয়। নাট্যকাৰগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অলেখ গুণমুগ্ধৰ লগতে নাট্যকাৰ, পৰিচালক দেৱব্ৰত মহন্ত, ধৌৱাপুখুৰী মহিলা সমিতি আৰু বহুকেইটা অনুষ্ঠান-প্রতিষ্ঠানে তেওঁৰ বাসগৃহত উপস্থিত হৈ নশ্বৰদেহত শেষ শ্রদ্ধা জ্ঞাপন কৰে। উল্লেখ্য যে ১৯৪৯ চনৰ ১৯ জানুৱাৰীত ঢেকীয়ালত জন্মগ্ৰহণ কৰা শৈলেন কুমাৰ নাথৰ পিতৃৰ নাম আছিল নোমল নাথ আৰু মাতৃৰ নাম আছিল অনদা নাথ। ‘সাপ্তাহিক বর্তমান’ নামৰ অধুনালুপ্ত কাকতখনৰ মুখ্য সম্পাদক হিচাপে কার্যনির্বাহ কৰা প্রবীণ সাংবাদিকগৰাকীয়ে ঢেকিয়ালতে প্রাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত ঢেকিয়াল হাইস্কুলৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হয়। যোৰহাটত স্নাতক ডিগ্রী গ্ৰহণ কৰা নাথে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্রী গ্ৰহণ কৰে। এগৰাকী উপন্যাসিক হিচাপেও উল্লেখনীয় স্বাক্ষৰ বহন কৰা শৈলেন কুমাৰ নাথে ৰূপাইৰ ঘাটৰ ৰূপকথা, বুকুত এজাক ধুমুহা নামৰ দুখন উপন্যাস ৰচনা কৰাৰ উপৰি গোলোক ধামৰ ৰহস্য নামৰ এখন উপন্যাস অনূদিত কৰিছিল। বিশিষ্ট নাট্যকাৰগৰাকীয়ে তৃষ্ণা, এদিন হঠাৎ, কালৰো কাল, সুৱাগপুৰত এনিশা আদি বহুকেইখন পূর্ণাংগ নাট ৰচনা কৰাৰ উপৰি বিহুৰে বিৰিণা পাত, ভাইৰাচ নামৰ দুখন একাংকিকা নাটো ৰচনা কৰিছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ জৰিয়তে প্রচাৰিত তেওঁৰ একমাত্র নাটকখন হ’ল ‘নাটক নাটক লাগে’। ‘গণপতিৰ হাঁসি’ নাটকখন পৰিচালনাৰ জৰিয়তে নাটক পৰিচালনাৰ কামত হাত দিয়া শৈলেন কুমাৰ নাথৰ পৰিচালিত নাটকসমূহ হ’ল তৃষ্ণা, আইপিচি ৩৭৯, কাৰেঙৰ লিগিৰি, ৰূপালীম, চুপ, আদালত চলি আছে, শকুনিৰ প্রতিশোধ, এনিমি অব দা পিপোল, এজাক শিয়ালৰ আৰাও আদি। ‘গণপতিৰ হাঁসি’ নামৰ নাটকখনত অভিনয় কৰি ১৯৮২-১৯৮৪ বর্ষৰ ভিতৰত একেৰাহে তিনিবাৰকৈ শ্রেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰা অভিনেতাগৰাকীয়ে ২৫ খনৰো অধিক ডিডিঅ’ ছবিৰ চিত্রনাট্য লিখাৰ উপৰি পৰিচালনা কৰিছিল। তেওঁ পৰিচালনা কৰা উল্লেখযোগ্য ডিডিঅ’ ছবিবোৰ হ’ল পুলিচ নম্বৰ -১, তেজীমলা, তীখৰ আৰু চুটিবাই, সাবিত্রী সত্যৱান, নুমলীয়া পো, চাউলপুৰীয়া, কেনে পালা ডার্লিং , হামাৰ সোনা মণি ইত্যাদি। চলচ্চিত্র পৰিচালক চন্দ্র নাৰায়ণ বৰুৱাৰ বহুকেইখন তথ্যচিত্র পৰিচালনাত তেওঁ সহকাৰী পৰিচালক হিচাপে দায়িত্ব পালন কৰিছিল। বিশেষকৈ যোৰহাট নগৰৰ ২০০ বছৰ পূর্তি উপলক্ষে গুৱাহাটী দূৰদর্শনৰ বাবে নির্মিত আৰু অসমৰ প্রাথমিক শিক্ষা ব্যৱস্থাক লৈ নির্মাণ কৰা তথ্যচিত্রসমূহত তেওঁ সহকাৰী পৰিচালক হিচাপে দায়িত্ব পালন কৰিছিল। দুপৰীয়ালৈ তৰাজান শ্মশানত নাট্যকাৰগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। তৰাজান শ্মশানতে যোৰহাট থিয়েটাৰ, তৰাজান সন্মিলন, নেপথ্য, যোৰহাট, সূৰুয ড্ৰামা প্ৰদাকশ্যন, যোৰহাট প্ৰেছ ক্লাব, জেইল ৰোড ক্লাব, যোৰহাট, অংকুৰ কলা কৃষ্টি কেন্দ্ৰ, বালিগাঁও সন্মিলনী নাট্য মন্দিৰ, বনমালী কলাকৃষ্টি কেন্দ্ৰ, কৰঙা, হাঁহি, ধৌৱাপুখুৰী নামঘৰ, শিল্প, আকাশবাণী যোৰহাট, যোৰহাট নাট্য বিদ্যালয় ইত্যাদিয়ে ব্যক্তিগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাংস্কৃতিক কর্মীগৰাকীৰ মৃত্যুত যোৰহাট থিয়েটাৰ, যোৰহাট জিলা সাহিত্য সভা, যোৰহাট সাহিত্য মঞ্চ , আশীর্বাদ শৈক্ষিক ন্যাস, স্বেচ্ছাসেৱী সংগঠন ‘আলোক’, যোৰহাট প্রেছ ক্লাব, যোৰহাট জিলা কবি সন্মিলন, টীয়ক প্রেছ ক্লাব, উত্তৰ-পশ্চিম যোৰহাট কবি সন্মিলন আদি অনুষ্ঠান-প্রতিষ্ঠানৰ লগতে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ, বিধায়ক হিতেন্দ্র নাথ গোস্বামী, যোৰহাট ক্রীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী আদিয়ে গভীৰ শোক প্রকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰিঞ্জুমণি বৰুৱা, একমাত্ৰ পুত্র তথা ‘দৈনিক অসম’ৰ সাংবাদিক অনিবেসন বৰুৱা, বোৱাৰী তথা কবি-সাংবাদিক সংগীতা বৰা বৰুৱাকে ধৰি এটি বৃহৎ পৰিয়াল এৰি থৈ গৈছে। সাংস্কৃতিক কর্মীগৰাকীৰ মৃত্যুত যোৰহাটত শোকৰ ছাঁ পৰিছে ।

প্ৰেৰক ৰঞ্জিত ভূঞা

You might also like