নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কয়াকুছিৰ কপাহৰটাৰীত পকী দলঙৰ এপ্ৰোচ খহি যাতায়াত বিঘ্নিত

নিয়মীয়া বাৰ্তা, ২০ জুনঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আহাৰমহীয়া বন্যাই বিভীষিকা ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ বৰপেটা জিলাৰ পাকাবেতবাৰী বিধানসভা সমষ্টিতো প্ৰলংয়কৰী বানে গঞা ৰাইজৰ জনজীৱন ব্যাহত কৰি তুলিছে। বিগত প্ৰায় এসপ্তাহ ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ভক্তৰডবাত পথ ছিঙাৰ লগতে আজি কয়াকুছি বজাৰৰ পৰা ভেৰাৰভিঠালৈ যোৱা লোক নিৰ্মাণ পথৰ কপাহৰটাৰীস্থিত আমছেৰ আলীৰ ঘৰৰ কাষত থকা পকী দলংৰ এপ্ৰোচ বানপানীৰ কোবাল সোঁতে খহাই নিয়াত হেজাৰ হেজাৰ লোকৰ যাতায়াত সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰে। এই খবৰ লাভ কৰি সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে উক্ত বিধ্বস্থ দলংৰ স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে সমাধাণ কল্পে যোগাযোগ স্থাপন কৰে। ইপিনে বাঢ়নী পানীয়ে সমষ্টিখনৰ অন্তৰ্গত দাবালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্লাবিত কৰাত বিদালয়খনৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ পাঠদান বাতিল কৰিবলৈ বাধ্য হৈ পৰে। উল্লেখ্য যে এটা সপ্তাহ ধৰি চলি নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা জিলাৰ কালদিয়া, পহুমাৰা, টিহু আৰু পল্লা নদীৰ জলপৃষ্ট বৃদ্ধি হৈ বিপদ সীমাৰ ওপৰেদি বৈ যোৱাই নহয় সম্প্ৰতি ভয়ানক ৰূপ ধাৰণ কৰিছে। ইতিমধ্যেই নদী সমূহৰ বাঢ়নী পানীয়ে পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰায়বোৰ অঞ্চল বুঢ়াই পেলাইছে। অটা, কুৰিহা, বনবাহাৰ, ফুলৰগুৰী,বামুণবড়ি, বেতনা, ৰঙিলাৰটাৰী, মৰলৰটাৰী, খান্দাৰপাৰ, কঠালৰটাৰী, নলীগাওঁ হেলছা গাওঁ, হেলছা পথাৰ, কাৱৈমাৰী ১১নং ব্লক, কাৱৈমাৰী ১০নং ব্লক নলীৰ পাথাৰ, নলীৰ পাম, কয়াকুছি গাওঁ, কয়াকুছি পাম, কয়াকুছি পাথাৰ, গুমিৰ পাথাৰ, জালকাৰা, তেলেৰীয়া ঠেকা গাওঁ, পানী মৰিছা, মৰিছা পাথাৰ, কলনী, পাকা বেতবাৰী, পাকা বেতবাৰী পাম, পিঠাদি, বৰবালা,বেতবাৰী, কাৱৈমাৰী ব্লক, মোহনবাজাৰ, কৰাগাড়ী, কমলপুৰ আদি অঞ্চল প্লাবিত কৰিছূ। অঞ্চল সমূহৰ ৭০/ ৮০ শতাংশ লোকৰ ঘৰৰ ভিতৰতে পানী সোমাইছে ।ফলত দৰিদ্ৰ গঞা জনসাধাৰণে বিভিন্ন সংকটত পৰা পৰিলক্ষিত হৈছে, ইপিনে বিস্তিৰ্ণ অঞ্চলৰ ঘৰে ঘৰে পানী সোমোৱাৰ ফলত কৃষক ৰাইজে পহুধন লৈ বিপাঙত পৰিছে। পহু খাদ্যৰ অভাৱত অনাহাৰে পানীৰ মাজতে থিয় হৈ থাকিবলগা হৈছে ছাগলী, গৰু, মহ। আনহাতে নদী কেইখনৰ বাঢ়নী পানীয়ে কয়াকুছি- ভক্তৰডবা, কয়াকুছি পাথাৰ-ভেৰাগাও, কয়াকুছি-খৰমা, নলীগাওঁ-ফিঙুৱা, ভক্তৰডবা-নগাও আদি গড়কাপ্টানী পথ সম্পূৰ্ণ ৰূপে পানীৰ তলত গৈছে। কোনো কোনো ঠাইত গড়কাপ্তানী পথৰ ওপৰেদি ৩/৪ ফুটকৈ পানী ভাগৰিছে। কেৱল গড়কাপ্তানী পথেই নহয় মানু্হে আশ্ৰয় লব পৰা স্কুলসমূহতো পানী উঠিছে।

প্ৰেৰক আফতাব হুছেইন

You might also like