নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুঢ়াদিয়া নৈৰ কালৰূপ : পশ্চিম নলবাৰীৰ ন-ন অঞ্চল প্লাৱিত

নিয়মীয়া বাৰ্তা, ২০ জুন : পশ্চিম নলবাৰীৰ বানপানীৰ তাণ্ডৱ আজিও অব্যাহত আছে। যোৱা কালি লখোপুৰ, দক্ষিণ ভোজকুছিত বুঢ়াদিয়া নদীয়ে মথাউৰি চিঙি যোৱাৰ পিছত পশ্চিম নলবাৰীত বানপানীয়ে আজিও ভয়াবহতা অব্যাহত আছে। আজি আমনি অঞ্চলত বুঢ়াদিয়া নদীৰ বাঢ়নী পানী প্ৰৱেশ কৰি বানপানীয়ে ন-ন এলেকাত বানৰ সৃষ্টি কৰিছে।উল্লেখযোগ্য যে আমনিত প্ৰৱেশ কৰা পানীয়ে নলনা, শুকেকুছি, ঘিলাজাৰী হৈ শোলমাৰাত প্ৰৱেশ কৰিছে। শোলমাৰাৰ পৰা নলবাৰী-বৰপেটা সংযোগী পল্লা ৰোডৰ কালভাৰ্টৰ জৰিয়তে কাইথাৰা পথাৰত প্ৰৱেশ কৰিছে। এই পানীয়ে পশ্চিম চামতা, পিপলিবাৰী, শোলমাৰী ভয়ৰাক ক্ষতিসাধন কৰিব। কুলবিলঘাট ৰাজহুৱা শিৱ মন্দিৰ আজিও পানীৰে পৰিপূৰ্ণ হৈ আছে। বানপানীত সৰ্বস্বান্ত হোৱা পশ্চিম নলবাৰীৰ উত্তৰ আমনিৰ কিছু পৰিয়ালক জিলা প্ৰশাসনৰ তৰফৰ পৰা খাদ্য সামগ্ৰী দিছে বুলি অঞ্চলটোৰ গাওঁপ্ৰধানে জানিব দিছে। পশ্চিম নলবাৰীৰ সাহপুৰত বানপানীয়ে জুৰুলা কৰাত সাহপুৰ ৰাজঘাটৰ ধৰ্মপুৰ জ্ঞানদায়িনী উচ্চ মাধ্যমিক বিদ্যালয়ত দহটা পৰিয়ালে আশ্ৰয় লৈছে। সেইদৰে কুলবিল শিৱ মন্দিৰৰ হৰগৌৰী বিবাহ ভৱনত দুটা পৰিয়ালে আশ্ৰয় লৈছে যদিও বৰ্তমান চৰকাৰীভাৱে শিবিৰ ঘোষণা কৰা নাই। সামগ্ৰীকভাবে পশ্চিম নলবাৰীৰ লখোপুৰ, ভোজকুছি, পূৰ্ণি, বৰপিত, বৰবৰা, সন্ধেলী, গামাৰিমূৰীৰ, উত্তৰ আমনি, আমনি, কঠলা, শুকেকুছি, ঘিলাজাৰী,পহলংপাৰাকে ধৰি ১৮ খন গাওঁ বানপানীৰ কবলত পৰিছে। আজিও চামতা কৈঠালকুছি, চামতা হাৰিভাঙা টিহু সংযোগী পথ পানীৰ তলত থকাত যাতায়াত ব্যৱস্থা বন্ধ হৈ আছে।

প্ৰেৰক তপন কুমাৰ শর্মা

You might also like