নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্থেবাৰীত বানৰ তাণ্ডৱ : বুৰিল সৰ্থেবাৰী-বৰপেটা সংযোগী পথ

নিয়মীয়াবাৰ্তা, ২০ জুন : ঐতিহাসিক সৰ্থেবাৰীত অব্যাহত আছে বানৰ তাণ্ডৱ। আজি পঞ্চম দিনাও পানীৰ তলত বুৰ গৈ আছে সৰ্থেবাৰীৰ বিস্তীৰ্ণ অঞ্চল। টিহু-বুঢ়াদিয়াৰ ভগ্ন মথাউৰিৰ বাবেই বানে সৃষ্টি কৰা একপ্ৰকাৰ জলপ্ৰলয়ত বিধ্বস্ত হৈ পৰিছে জনজীৱন। আজি বুঢ়াদিয়া আৰু টিহু নদীৰ জলস্তৰ সামান্য পৰিমানে কমিছিল যদিও সৰ্থেবাৰীৰ দক্ষিণাঞ্চলত আজিও বাঢ়ি আছে বানপানী। আজি বাঢ়নী পানীয়ে সৰ্থেবাৰী বৰপেটা সংযোগী মুল পথটো বুৰাই পেলায়।বানৰ জটিল ৰূপ ধাৰণ কৰা কালাতলিত বহু পৰিয়াল বানপানীৰ ফলত ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰে। আজি এচ ডি আৰ এফ বাহিনীৰ লোকে কালাতলিত উদ্ধাৰ অভিযান চলাই বহু বন্যাৰ্তক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে। কেইবাগৰাকীও বৃদ্ধাক আজি উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হয়। বুঢ়াদিয়া নদীখৰ পাৰতে থকা কালাতলীত বাঢ়নী পানীয়ে ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে। একেদৰে টিহু নদীৰ পাৰতে থকা খৰিয়াত বহু পৰিয়াল বানপানীৰ ফলত আবদ্ধ হৈ পৰিব লগীয়া হৈছে।একেদৰে কাছকুৰি পথাৰতো বহু পৰিয়ালৰ অবস্থা শোচনীয় হৈ পৰিছে। কাঁহ শিল্প নগৰীৰ উত্তৰ অংশত বানে জনজীৱন বিপৰ্যস্ত কৰি তুলিছে। আজিও নগৰখনৰ বহু পৰিয়ালৰ বাসগৃহ পানীৰ তলত বুৰ গৈ আছে।কেইবাখনো কঁহাৰ গঢ়শাল পানীৰ তলত বুৰ গৈ আছে। বিগত তিনি চাৰি দিন ধৰি বন্ধ হৈ আছে গঢ়শালৰ কাম। একেদৰে সৰ্থেবাৰী আৰক্ষী থানা পাৱাৰ হাউছ, ঐতিহাসিক কৃষ্ণগুৰু সেৱাশ্ৰম জলমগ্ন হৈ আছে। সৰ্থেবাৰীৰ ত্ৰিশখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয় জলমগ্ন হৈ পৰিছে। সৰ্থেবাৰীৰ খৰিয়া, পাকাদলনী, সত্ৰপাকা, বামুণপাকা, নটপাৰা, কুৰিহা আদি অঞ্চলত বহু পৰিয়াল পানীৰ মাজত আবদ্ধ হৈ থকাৰ লগতে বিগত পাঁচ দিন ধৰি পানীৰ তলত আছে বিস্তীৰ্ণ অঞ্চলৰ বহু বাসগৃহ। কেইবাখনো বিদ্যালয়ৰ পাঠদান বন্ধ ৰাখিব লগা হৈছে। আনহাতে অঞ্চলটোৰ মীনপালক সকলৰ অৱস্থা শোচনীয় হৈ পৰিছে। বহু মীন পালকৰ পুখুৰীৰ পাৰ বুৰ যোৱাত বিপদত পৰিব লগীয়া হৈছে মীন পালক।

প্ৰেৰক নকুল তালুকদাৰ

You might also like