নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ সুনীল গগৈক পলাতক আচামী ঘোষণা আৰক্ষীৰ

বিশেষ বাৰ্তা, ২০ জুনঃ লখিমপুৰৰ ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱত যোৱা এক জুনৰ নিশা সংঘটিত লোমহর্ষক হত্যাকাণ্ডটোত সুনীল গগৈক মুখ্য অপৰাধী হিচাপে আৰক্ষীয়ে ঘোষণা কৰিছে। আজি সন্ধিয়া জিলাৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা এখন ৰাজহুৱা জাননীত এই কথা উল্লেখ কৰিছে। জিলাৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা জাননী খনত উল্লেখ কৰা হৈছে যে উক্ত ঘটনা সন্দৰ্ভত ঢকুৱাখনা থানাত পঞ্জীয়ন হোৱা ৪৮/২০২৪ নম্বৰৰ আৰু ১২০ বি/৩০২/২০১/৩৪ ধাৰাৰ গোচৰটোৰ মুখ্য অপৰাধী হল ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ প্ৰয়াত লেখন গগৈৰ পুত্র সুনীল গগৈ (৪০)। যোৱা ১ জুনৰ পৰা তেওঁ পলাতক হৈ আছে। কোনো লোকে সুনীল গগৈক প্ৰত্যক্ষ কৰিলে সমীপৰ পুলিচ ষ্টেচন নাইবা ঢকুৱাখনা থানাৰ অচি ৯৪০১৩৯৩০৯৭ অথবা আৰক্ষীৰ পিচিআৰ ৬০২৬৯০০৮৬১ নম্বৰত জনাবলৈ আৰক্ষীৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। খবৰ দিওঁতাৰ পৰিচয় সম্পুর্ণ গোপনে ৰখাৰ লগতে তেওঁ ক পুৰস্কৃত কৰা হব বুলিও জাননীখনত উল্লেখ কৰা হৈছে। সুনীল গগৈৰ তিনিখনকৈ ফটো সংলগ্ন কৰি আৰক্ষীয়ে এই জাননী খন ৰাজহুৱা কৰি পলাতক সুনীল গগৈৰ সন্ধান দিবলৈ ৰাইজক আহ্বান জনাইছে। উল্লেখ্য সুনীল গগৈৰ সন্ধানত আৰক্ষীয়ে এনে ব্যবস্থা গ্রহণ কৰাৰ উপৰি তেওৰ পত্নী, পুত্র আৰু ভতিজাকক জেৰা কৰি আছে। কালি দিনটো ঢকুৱাখনা থানাত তেওলোকক জেৰা কৰাৰ অন্তত সন্ধিয়া যাবলৈ দিয়ে যদিও আজি পুনৰ মাতি পঠিয়ায়। আজিৰ দিনটোতো তেওঁলোকক জেৰা কৰি সন্ধিয়া যাবলৈ দিয়ে। আনহাতে জাহাংগীৰৰ ছিন্ন মুণ্ড ৰ সন্ধানত আৰক্ষীয়ে আজি সুনীল গগৈৰ বাসগৃহ ৰ চৌহদত থকা দুটাকৈ পুখুৰীত এছডিআৰএফৰ সহযোগত অভিযান চলায় যদিও সফল নহল। ঘটনাটোত আৰক্ষীয়ে সুনীল গগৈক মুখ্য পলাতক অপৰাধী ৰূপে সাব্যস্ত কৰি কৰায়ত্ত কৰিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা চলাইছে।
প্ৰেৰক জীৱন গোস্বামী
You might also like