নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ দায়িত্বত চীন ভাৰতলৈ অশনি সংকেত

নিয়মীয়া বাৰ্তা, ৩ মার্চঃ সংবিধানৰ অনুচ্ছে ৩৭০ৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ মর্যাদা কর্তনৰ পিছত প্রথমবাৰৰ বাবে চীনৰ অধ্যক্ষতাত  ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক অনুষ্ঠিত হ’ব৷ মার্চৰ শেষৰ ফালে এই বৈঠকখন অনুষ্ঠিত হোৱাৰ পূর্বে ভাৰতৰ বাবে এক প্রকাৰৰ অশনি সংকেত৷ কিয়নো ভাৰতৰ এই সিদ্ধান্তৰ বিৰুদ্ধে পাকিস্তানক সহযোগিতা আগবঢ়াই চীনে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত বিষয়টো উত্থাপন কৰিছিল৷ চীনৰ এই প্রচেষ্টা বিফল হ’লেও গোপনে পাকিস্তানৰ সৈতে ভাৰতক শ’লঠেকত পেলাবলৈ অভিসন্ধি ৰচি আহিছে ৷ এনেক্ষেত্রত চীনৰ অধ্যক্ষতাত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক অনুষ্ঠিত হোৱাটো ভাৰতৰ বাবে এক ধৰণৰ অশনি সংকেত৷ মন কৰিবলগীয়া যে নিৰাপত্তা পৰিষদৰ পাঁচগৰাকী স্থায়ী সদস্য আৰু দহ অস্থায়ী সদস্যৰ ভিতৰত অধ্যক্ষ সালসলনিৰ প্রক্রিয়াৰে বৈঠক অনুষ্ঠিত কৰা হয়৷ সেই মর্মে এই মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে চীনে ৷

You might also like