নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত পুনৰ দুজন ক’ৰোনাত আক্রান্ত

নিয়মীয়া বাৰ্তা, ৩ মার্চঃ পুনৰ দুজন ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগী চিনাক্ত হৈছে ভাৰতত৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আজি এক বিবৃতিযোগে সদৰী কৰা মতে দুজন ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীৰ ভিতৰত এজন নতুন দিল্লী আৰু আনজন তেলেংগানাৰ৷ ইতিমধ্যে আক্রান্ত লোক দুজনক পৃথকে ৰাখি সূক্ষ্ম নিৰীক্ষণ কৰি থকা হৈছে৷ বর্তমান স্বাস্থ্য সুস্থিৰ হৈ আছে বুলি বিবৃতিত প্রকাশ৷ চৰকাৰৰ বিবৃতিৰ মতে, আক্রান্ত এজনে অলপতে ইটালী ভ্রমণ কৰি দিল্লীলৈ উভতি আহিছে আৰু আনজনে ডুবাইৰ পৰা তেলেংগানালৈ আহিছে৷ উল্লেখ্য যে দেশত চিনাক্ত হোৱা তিনিজন এই ভাইৰাছত আক্রান্ত লোকৰ ভিতৰত আটাইকেইজনে কেৰালাৰ৷ এই লোককেইজনক চীনৰ য়ুহান প্রদেশৰ পৰা দেশলৈ ওভতাই অনা হৈছিল৷ মন কৰিবলগীয়া যে ভাৰতে ক’ৰোনা ভাইৰাছৰ প্রতি অধিক সতর্ক দৃষ্টি ৰাখি আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত চিকিৎসকৰ দ্বাৰা বিদেশৰ পৰা অহা যাত্রীৰ পৰীক্ষা চলাই আছে ৷

You might also like