নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত অচিন ৰোগত শ শ গাহৰিৰ মৃত্যু

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ ধেমাজি জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষৰীয়া বৃহত্তৰ চিচিটঙানি অঞ্চলত অচিন ৰোগত মৃত্যু হৈছে শ শ গাহৰিৰ ৷ অঞ্চলটোৰ গুৰুত্বপূৰ্ণ চিচিটঙানি নৈত এতিয়া উটি আহিছে শ শ গাহৰি ৷ অচিন ৰোগে মহামাৰী সদৃশ পৰিস্থিতি সৃষ্টি কৰা অঞ্চলটোৰ ভেকেলী টঙানি, কুন্তি, কেবাৰংগ, মেছাকি, চৰবাৱী, ভেকেলী, দীঘলী, অয়েঙ্গীয়া,দেউৰীঘাট আদি প্ৰায ২০-২৫ খন নৈপৰীয়া গাৱঁৰ সহস্ৰাধিক গঞা ৰাইজৰ গাহৰি অচিন ৰোগত মৃত্যু হৈছে ৷ মস্য আৰু জীৱকুলৰ বাবে প্ৰসিদ্ধ ধেমাজি জিলাৰ চিচিটঙানি নৈত এতিয়া অঞ্চলটোৰ ৰাইজে মৃত গাহৰি সমূহ পেলাই দিয়াৰ ফলত এতিয়া নদীখনৰ চৌদিশে এতিয়া পানীত গেলা গাহৰি ভাহি থকা পৰিলক্ষিত হৈছে ৷ বিগত ১৫-২০ দিনত বৃহত্তৰ অঞ্চলটোৰ গাহৰি সমূহ ব্যাপৰ হাৰত মৃত্যু হোৱাৰ পাছতো ধেমাজি পশু চিকিৎসা বিভাগে বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ নদীত ব্যাপক হাৰত মৃত গাহৰি ভাহি থকাৰ পৰিপেক্ষিতত এতিয়া নদীৰ পানীত ব্যাপক প্ৰদুষণ আৰু দুৰ্গন্ধ সৃষ্টি হৈছে ৷ নদীখনৰ পানী যিহেতু অঞ্চলবাসী ৰাইজে খোৱাপানী হিচাপে ব্যবহাৰ কৰাৰ লগতে জীৱ জন্ত পশুকুলৰ বাবে অতি প্ৰয়োজনীয় সেয়েহে এনে ক্ষেত্ৰত প্ৰদুষিত পানী সেৱন কৰাৰ ফলত মৰাত্মক ৰোগৰ সক্ৰমন হোৱাৰ আংশকা ঘনীভূত হৈ পৰিছে ৷ যি সময়ত গেলা পচা মাছ-মাংস বজাৰৰ পৰা চীনত মৰাত্মক ক’ৰণা ভাইৰাছৰ দৰে মহামাৰী ৰোগৰ উৎপত্তি হৈ অসংখ্য লোকৰ মৃত্যু হৈছে, তেনেসময়তে এনে প্ৰদুষিত নৈৰ পানীৰ পৰা তেনে মহামাৰী সদৃশ ৰোগৰ আংশকা নুই কৰিব নোৱাৰি ৷ শীৰ্ঘে যদিহে ধেমাজি জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে এই মহামাৰী সদৃশ অচিন ৰোগে অধিক বিস্তাৰ লাভ কৰাৰ সম্ভাৱনা আছে ।

You might also like