নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত চিকিৎসালয়ত কাম কৰিব নোৱাৰিব জিএমচিৰ চিকিৎসকে

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ মঙলবাৰে অসম বিধানসভাত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে বহু কেইটা প্ৰস্তাৱ । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক সকলক এইমছৰ চিকিৎসকৰ সমানেই দৰমহা দিব বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । লগতে ব’হাগ বিহুৰ পৰাই জিএমচিএইচৰ চিকিৎসক সকলে প্ৰাইভেট প্ৰেক্টিছ বন্ধ কৰিব লাগিব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই ।

নিউৰ’ আৰু কাৰ্ডিঅ’ল’জিৰ চুপাৰস্পেচিয়েলিটি হাস্পতাল হ’বলৈ গৈ থকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সকলে যদি প্ৰাইভেট প্ৰেক্টিছ কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি এই চৰকাৰী পদ ত্যাগ কৰিবলৈও আহ্বান জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰোপৰি এইমছৰ চিকিৎসকৰ সমানুপাতিকভাৱেই এইসকলৰ বাবে সা-সুবিধা উপলব্ধ হ’ব বুলিও বিধানসভাত কয় হিমন্ত বিশ্ব শৰ্মাই ।

You might also like