নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালীত আত্মহত্যা নৱ–দম্পতীৰ 

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ বিহালী থানাৰ অন্তর্গত বিহমাৰী গাঁও পঞ্চায়তৰ বৰবিল ১ নং লাইনৰ মিনি চাহ ফেক্টৰীৰ নিকটৱর্তী অঞ্চলত এহাল নৱ–দম্পতীয়ে একেডাল গছতে চিপ লৈ আত্মহত্যা কৰা ঘটনাত মঙলবাৰে সমগ্র বিহালী অঞ্চলত তীব্র চাঞ্চল্য বিৰাজ কৰিছে ৷ প্রাপ্ত বাতৰি মতে, গাঁওখনৰ উপেন বিৰজাৰ পুত্র বীৰেন বিৰজা (২৪) আৰু বোৱাৰীয়েক চৰিতা বিৰজাক নিজ গৃহৰ সন্মুখৰ এজোপা গছত প্রায় সাবটা–সাবটিকৈ চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাত গাঁওখনত হুৱাদুৱা লাগে ৷ ঘটনা সন্দর্ভত লগে লগে বিহালী থানাত খবৰ দিয়াত আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ দুটা নমাই বিহালী প্রাথমিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ পিছত শৱদেহ পৰিয়ালক চমজাই দিয়াৰ ব্যৱস্থা কৰে ৷

পিতৃ উপেন বিৰজাৰ লগতে স্থানীয় ৰাইজে উল্লেখ কৰা মতে, কালি সোমবৰীয়া বজাৰ কৰাৰ পিছত স্বাভাৱিকভাৱে দুয়োকে একেলগে থকা সকলোৱে প্রত্যক্ষ কৰে আৰু নিশাৰ আহাৰো একেলগে কৰে ৷ সাত মাহমানৰ পূর্বে বিহালী তিনিখুঁটি অঞ্চলৰ পিতৃ–মাতৃহীনা চৰিতা বিৰজাক বীৰেন বিৰজাই বিবাহ কৰাই আনে আৰু দুয়ো সুকলমে দাম্পত্য জীৱনো অতিবাহিত কৰি অহাৰ কথা জনা গৈছে ৷ পিছে বৈবাহিক জীৱনৰ এবছৰ নৌহওঁতেই কেনে পৰিস্থিতিত তেনেদৰে একেলগে আত্মহননৰ দৰে পথ বাছি ল’লে ৰাইজৰ বোধগম্য হোৱা নাই ৷ একাংশ লোকে কোৱা মতে বিষয়টো অতি ৰহস্যজনক ৷ কাৰণ যিজোপা গছত স্বামী–স্ত্রীয়ে চিপ লৈছে, সেইজোপা নিচেই চাপৰ গছ ৷ গতিকে, আৰক্ষীক গভীৰভাৱে তদন্ত কৰিবলৈ দাবী জনাইছে ৷ অৱশ্যে আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে যদিও আত্মহত্যাৰ প্রকৃত কাৰণ জানিব পৰা নাই ৷

You might also like