নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীক সাক্ষাৎ দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালৰ

নিয়মীয়া বাৰ্তা, ৪ মার্চঃ প্রধানমন্ত্রী নৰেন্দ্রী মোদীক মঙলবাৰে তেওঁৰ কার্যালয়ত সাক্ষাৎ কৰে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ৷ নির্বাচনত বিজেপিক পৰাজিত কৰি শাসনৰ গাদীত তৃতীয়বাৰৰ বাবে অধিষ্ঠিত মুখ্যমন্ত্রী কেজৰিৱালে প্রথমবাৰৰ বাবে প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰি অলপতে দিল্লীত সংঘটিত হিংসাত্মক ঘটনাক লৈ আলোচনা কৰে৷ এই ঘটনাত জড়িতসকলক চিনাক্ত কৰি শীঘ্রে শাস্তি বিহাৰ বাবে অনুৰোধ জনোৱাৰ লগতে সংঘর্ষত ভুক্তভোগীসকলৰ পুনৰ সংস্থাপনৰ বিষয়টো কেনেদৰে সমাধান কৰিব পাৰি তাক লৈ আলোচনা কৰে৷ দিল্লীত যাতে পুনৰ এনে ধৰণৰ ভয়াৱহ হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ বাবে নিৰাপত্তা নিশ্চিত কৰিবলৈ প্রধানমন্ত্রীক আহ্বান জনায় কেজৰিৱালে৷ ক’ৰোনা ভাইৰাছ নিয়ন্ত্রণৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ প্রধানমন্ত্রীক আহ্বান জনায় কেজৰিৱালে৷ যোৱা ১৯ ফেব্রুৱাৰীত গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছত আজি প্রধানমন্ত্রী মোদীক কেজৰিৱালে সাক্ষাৎ কৰা বিষয়টো ব্যাপক চর্চিত হৈছে৷ কিয়নো বিধানসভা নির্বাচনত কেজৰিৱালৰ বিৰুদ্ধে প্রধানমন্ত্রী আৰু গৃহমন্ত্রী অতি সৰৱ হৈছিল ৷

You might also like