নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰেণীকোঠাতে ছাত্ৰৰ ছুৰিকাঘাতত অধ্যক্ষৰ মৃত্যু

🔹 শিক্ষাগুৰুৰ তেজেৰে ৰাঙলী হ’ল বিদ্যা মন্দিৰ
🔹 শিৱসাগৰৰ ছাই বিকাশ একাডেমীত ভয়ংকৰ ঘটনা
🔹 হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীৰ বাবে বহি থাকিল ঘাতক ছাত্ৰ
নিয়মীয়া বাৰ্তা, ৬ জুলাই : গুৰু-শিষ্যৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানি শিৱসাগৰৰ মাজমজিয়াত শিষ্যৰ ছুৰীৰ আঘাতত গুৰুৰ তেজেৰে বিদ্যাৰ মন্দিৰ ৰাঙলী হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ লক্ষ্মীনগৰ তিনিআলিত অৱস্থিত ছাই বিকাশ একাডেমী নামৰ প্ৰতিষ্ঠানখনত দিন-দুপৰতে ছাত্ৰৰ ছুৰীৰ আঘাতত এগৰাকী অধ্যক্ষ থিতাতে নিহত হোৱা ঘটনাই শিৱসাগৰৰ লগতে সমগ্ৰ ৰাজ্যখনতে তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শিক্ষাৰ্থীসকলক পাঠদান কৰি থকাৰ সময়তে একেটা শ্ৰেণীৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰৰ উপৰ্যুপৰি ছুৰীৰ আঘাতত থিতাতে নিহত হোৱা অধ্যক্ষজন ৰাজেশ বাবু (৪৮) বুলি জানিব পৰা গৈছে ৷ নিহত ৰাজেশ বাবুৰ ঘৰ কৰ্ণাটকৰ বিজয়বাড়াত ৷ আজি বিয়লিৰ ভাগত সংঘটিত এই ঘটনাই সমগ্ৰ জিলাখনতে চেপা উত্তেজনাৰ সৃষ্টি কৰিছে ৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতেই আক্ৰমণকাৰী একাদশ শ্ৰেণীৰ ছাত্ৰজনে সদৰ আৰক্ষীৰ সন্মুখত ছুৰীসহ আত্মসমৰ্পণ কৰে ৷ উল্লেখ্য যে ছাই বিকাশ একাডেমীৰ লক্ষ্মীনগৰস্থিত প্ৰতিষ্ঠানখনত নিয়মিত শ্ৰেণীৰ লগতে নীট-জে ই ইৰ বাছনি পৰীক্ষাৰ বাবেও শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ প্ৰাপ্ত বাতৰি মতে, কৰ্ণাটকৰ বিজয়বাড়া নিবাসী ৰাজেশ বাবু পজৌৰীয়া আছিল এগৰাকী মেধাসম্পন্ন ৰসায়ন বিভাগৰ শিক্ষক ৷ আজিৰ পৰা চাৰি বছৰৰ পূৰ্বে লক্ষ্মী নগৰত আৰম্ভ কৰা ছাই বাবা কোচিং চেন্টাৰটোৰ অধ্যক্ষৰ লগতে ৰসায়ন বিভাগৰ পাঠদানো কৰিছিল ৰাজেশ বাবুৱে ৷ একাদশ আৰু দ্বাদশ শ্ৰেণীত ৰসায়ন বিভাগৰ নিয়মিত পাঠদান কৰা ৰাজেশ বাবু পজৌৰীয়াৰ প্ৰশাসনিক দিশৰ দক্ষতাৰ বাবেই শীৰ্ষ মণ্ডলীয়ে অধ্যক্ষৰ দৰে গুৰু দায়িত্বও অৰ্পণ কৰিছিল ৷ জানিব পৰা মতে, শ্ৰেণীটোত মুঠ ত্ৰিশগৰাকী শিক্ষাৰ্থী থকা ৰাজেশ বাবুৰ এগৰাকী অন্যতম ছাত্ৰ আছিল ঘাতক ছাত্ৰজনো ৷ আনদিনাৰ দৰে আজিও শ্ৰেণী আৰম্ভ হোৱাৰ পিছতেই তৃতীয় পিৰিয়ডত ৰাজেশ বাবুৰ দৃষ্টি পৰিছিল এজন ছাত্ৰই বহীত একোৱেই নিলিখাৰ দৃশ্য ৷ লগে লগে ছাত্ৰজনক কিয় বহীত লিখা নাই বুলি প্ৰশ্ন কৰাৰ লগতে নিৰ্দেশ অমান্য কৰা শিক্ষাৰ্থীৰ মোৰ ক্লাছত প্ৰয়োজন নাই বুলি সকীয়াই দিছিল ৷ ইয়াৰ পিছতেই শিক্ষক ৰাজেশ বাবুক একো নোকোৱাকৈয়ে শ্ৰেণীকোঠাৰ পৰা ওলাই গৈছিল ঘাতক ছাত্ৰজন। ইয়াৰ পিছত স্বাভাৱিকভাৱেই বাকী শ্ৰেণীসমূহ পৰিচালিত হৈছিল ৷ কিন্তু বিয়লি প্ৰায় তিনি বজাত যেতিয়া ষষ্ঠ তথা দিনটোৰ অন্তিমটো পিৰিয়ড চলি আছিল, সেই সময়তেই পুনৰ ৰাজেশ বাবুৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছিল ছাত্ৰজনে ৷ এইবাৰ অৱশ্যে ছাত্ৰজনে ইউনিফৰ্মৰ সলনি অন্য সাধাৰণ পোছাক পৰিধান কৰাৰ লগতে অনা নাছিল স্কুল বেগ ৷ শিক্ষক তথা অধ্যক্ষ ৰাজেশ বাবুৱে অন্য শিক্ষাৰ্থীসকলক ৰসায়ন বিভাগৰ পাঠদান কৰি থকাৰ সময়তে পুনৰ ছাত্ৰজনে আহি প্ৰৱেশ কৰাত ৰাজেশ বাবুৱে শিক্ষাৰ্থীগৰাকীক এই সম্পৰ্কত প্ৰশ্ন কৰাৰ লগতে অনুমতিবিহীনভাৱে শ্ৰেণীকোঠাত প্ৰৱেশ কৰা সন্দৰ্ভত প্ৰশ্ন কৰে ৷ ইয়াকে লৈ ঘাতক ছাত্ৰজনে চিঞৰি চিঞৰি ময়ো সমানেই পইচা দিছোঁ, মোকো গুৰুত্ব দিব লাগিব বুলি শিক্ষকগৰাকীৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ লগতে গোপনে লৈ অনা ছুৰীৰে উপৰ্যুপৰি বুকুত আঘাত কৰে ৷ পিছৰ পকেটৰ পৰা ছুৰী উলিয়াই মূৰত আঘাত কৰাৰ চেষ্টা চলাওঁতেই কিছু পিছলৈ হাউলি দিয়া ৰাজেশ বাবুৰ প্ৰথমটো ছুৰীৰ আঘাত ডিঙিত লাগে ৷ ইয়াৰ পিছতেই বুকুৰ কেইবাটাও স্থানত ধৰাল ছুৰীৰে আঘাত কৰাৰ ফলত শিক্ষকগৰাকী শ্ৰেণীকোঠাৰ ভিতৰতেই ঢলি পৰে ৷ লগে লগে শিক্ষাৰ্থীসকলৰ চিঞৰ-বাখৰ শুনি সতীৰ্থ আন শিক্ষকসকলৰ লগতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ ৰক্তাক্ত হৈ পৰা ৰাজেশ বাবুক এখন ব্যক্তিগত বাহনেৰে নগৰৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰায় ৷ কিন্তু আঘাত গুৰুতৰ হোৱা বাবে চিকিৎসকৰ পৰামৰ্শক্ৰমে ৰাজেশ বাবুক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও বাটতে মৃত্যু হয় ৷ ইমান এক লোমহৰ্ষক ঘটনা সংঘটিত কৰাৰ পিছতো ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ পৰিৱৰ্তে ঘাতক ছাত্ৰজনে প্ৰথম মহলাৰ শ্ৰেণীকোঠাৰ পৰা হাতত ছুৰী লৈ নামি আহি আৰক্ষীৰ বাবে বাসগৃহটোৰ তললৈ নামি অহা খটখটীত বহি থাকে ৷ আনহে নালাগে, আৰক্ষী কিয় ইমান দেৰিলৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই, তাক লৈও বিভিন্নজনক প্ৰশ্ন কৰে ৷ অৱশ্যে ঘটনাৰ খবৰ পায়ে ততাতৈয়াকৈ উপস্থিত হোৱা এটা টহলদাৰী আৰক্ষীৰ দলে ঘাতক ছাত্ৰজনক নিজৰ জিম্মাত লয় ৷ ইফালে, ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই ভয়ংকৰ ঘটনাৰ ঘাতক ছাত্ৰজন নগৰৰ মাজমজিয়াৰ নিৱাসী ৷ পিতৃ আছিল অসম আৰক্ষীৰ কৰ্মচাৰী ৷ মেধাসম্পন্ন ছাত্ৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈ ছাই বিকাশ একাডেমীত প্ৰশিক্ষণৰ লগতে নিয়মিত শ্ৰেণীও কৰি আছিল ৷ হঠাৎ কিয় ইমান এক ভয়ংকৰ ঘটনা সংঘটিত কৰিলে, সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ স্মৰ্তব্য যে নিহত ৰাজেশ বাবুৱে বিগত ৪ বছৰ ধৰি চহৰৰ ফুকন নগৰত দুই সন্তান, পত্নীসহ ভাৰাতীয়া হিচাপে আছিল ৷ এটা সপ্তাহৰ পূৰ্বে পৰিয়ালটোৰ বাকী সদস্যসকল কৰ্ণাটকৰ নিজ গৃহলৈ গৈছিল যদিও ৰাজেশ বাবুৱে পাঠদান খতি নহ’বৰ বাবেই পিতৃগৃহলৈ নোযোৱাকৈ আছিল ৷ শিৱসাগৰ আৰক্ষীয়ে ঘাতক ছাত্ৰজনে ব্যৱহাৰ কৰা ছুৰী আৰু এখন স্কুটী জব্দ কৰিছে ৷ শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে হত্যাকাণ্ড সংঘটিত হোৱা শ্ৰেণীকোঠাত থকা আন শিক্ষাৰ্থীৰ সাক্ষ্য গ্ৰহণ কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like