নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰদ্যুৎ বৰদলৈৰ কু-কীৰ্তিৰ বাবে ৰাজ্য চৰকাৰে ভৰিলে ১০০ কোটি টকা

🎯 তদানীন্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ দিনত চলিছিল প্ৰকল্প নিৰ্মাণৰ কাম

🎯 কাৰ স্বাৰ্থত প্ৰদ্যুৎ বৰদলৈয়ে ফৰেষ্ট ক্লীয়াৰেন্স নোলোৱাকৈ অনুমোদন দিছিল প্ৰকল্প নিৰ্মাণৰ?

🎯 সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব ইতিমধ্যে চিবিআইক অৰ্পণ কৰা হৈছে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ জুলাইঃ বৰডিকৰাই হাইড্ৰ পাৱাৰ প্ৰজেক্টৰ বাবে চৰকাৰে নিৰ্মাণ কোম্পানীক ক্ষতিপূৰণ দিবলগীয়া হ’ল ১০০ কোটি টকা। ২০০৯ চনত কংগ্ৰেছ চৰকাৰে হাতত লোৱা এটা কামৰ বাবে অসম চৰকাৰে ভৰিবলগীয়া হ’ল এই বৃহৎ পৰিমাণৰ ধন। শেহতীয়াভাৱে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে গ্ৰহণ কৰা এক সিদ্ধান্তই সকলোৰে চকু কপালত তুলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ এক সিদ্ধান্ত সদৰী কৰাৰ পিছত পোহৰলৈ আহিছে তদানীন্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ কেতবোৰ ন্যস্ত স্বাৰ্থ জড়িত কাণ্ড। বৰডিকৰাইত ফৰেষ্ট ক্লীয়াৰেন্স নোলোৱাকৈ নিৰ্মাণ কৰা প্ৰকল্পৰ বাবে চৰকাৰে ভৰিবলগীয়া হ’ল বৃহৎ পৰিমাণৰ ধন। উল্লেখ্য যে তদানীন্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ দিনত ২০০৯ চনত চলিছিল হাইড্ৰ পাৱাৰ প্ৰকল্প প্ৰকল্প নিৰ্মাণৰ কাম। প্ৰশ্ন হয় প্ৰদ্যুৎ বৰদলৈয়ে কাৰ স্বাৰ্থত ফৰেষ্ট ক্লীয়াৰেন্স নোলোৱাকৈ প্ৰকল্প নিৰ্মাণৰ অনুমোদন দিছিল? সেই সময়ৰ শক্তি মন্ত্ৰী তথা উদ্যোগ বিভগৰ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ অবিবেচক কাণ্ডৰ বাবে আজি চৰকাৰে এটা কোম্পানীক ক্ষতিপূৰণ হিচাপে দিবলগীয়া হ’ল প্ৰায় ১০০ কোটি টকা। উল্লেখ্য যে অসম চৰকাৰে ২০০৯ চনত বৰডিকৰাইত এটা হাড্ৰপাৱাৰ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লৈছিল। নিক্কন পাৱাৰ এণ্ড ইফট্ৰাকচাৰ প্ৰাঃ লিঃ নামৰ এটা সংস্থাক এই কাম কৰাৰ নিৰ্দেশ দিছিল। তিনি বছৰ পিছত ২০১৫ চনত তেওঁলোকে গম পালে যে ইয়াত ইনভাৰ্মেণ্টেল ক্লীয়াৰেন্স নাই। সেয়ে তেওঁলোকে প্ৰকল্পটো বন্ধ কৰি দিয়ে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চৰকাৰে নিক্কন পাৱাৰছক ১০০ কোটি টকা ক্ষতিপূৰণ দিবলগীয়া হ’ল। কিন্তু ইনভাৰ্মেণ্টেল ক্লীয়াৰেন্স নথকাকৈয়ে প্ৰথমতে এই প্ৰকল্পটো হাতত লোৱাটো এটা ডাঙৰ ভুল আছিল বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত মন্তব্য কৰে। ইয়াৰ পিছতো প্ৰকল্পটো ক্লীয়াৰেন্স ন’লৈ ২০১৫ চনত অসম চৰকাৰে হঠাতে প্ৰকল্পটো বন্ধ কৰি দিয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সমগ্ৰ ঘটনটো কি প্ৰেক্ষাপটত আগবাঢ়িছিল, কি প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চৰকাৰে ১০০ কোটি টকা নিক্কন কোম্পানীটোক ক্ষতিপূৰণ দিব লগা হ’ল- এই গোটেই কেচটো তদন্ত কৰাৰ কাৰণে ৰাজ্যিক কেবিনেটে চিবি আইক অৰ্পণ কৰাৰ কথা সংবাদমেল যোগে সদৰী কৰে। উল্লেখ্য যে বৰডিকৰাইখন সংৰক্ষিত বনাঞ্চল। কি কাৰণে ৰিজাৰ্ভ ফৰেষ্টত কোম্পানীটোৱে কাম কৰিলে এই বিষয়টো সন্দৰ্ভতো চিবিআয়ে তদন্ত কৰিব। কামটো আগবাঢ়ি যোৱাৰ পিছত কেতিয়াবা ফৰেষ্ট ক্লীয়াৰেন্স নল’লেও পিছত ক্লীয়াৰেন্সটো লৈ কামখিনি চলাই যাব পাৰিলেহেঁতেন বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি ২০১৫ চনত চৰকাৰে এইটো ভায়েবল নহয় বুলি প্ৰকল্পটো বন্ধ কৰি দিয়াৰ কথা সংবাদেমেলত উল্লেখ কৰে। এই সমগ্ৰ ঘটনাটো তদন্ত কৰাৰ বাবে ৩ জুলাইত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত চিবিআইক ৰেফাৰ কৰাৰ বাবে সিদ্ধান্ত লোৱা হয় বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীৰ মতে চৰকাৰে বেক ডেটত হ’লেও ভাৰত চৰকাৰৰ লগত কথা পাতি ফৰেষ্ট ক্লীয়াৰেন্সেটো আনিব লাগিছিল। তেওঁলোকে ফৰেষ্ট ক্লীয়াৰেন্সটো নানি, ২০১৫ চনত কোম্পানীটোৱে যি কাম কৰিলে তাৰ পৰাই কামটো বন্ধ কৰি দি কোম্পানীটোক কম্পেনছেচন দিয়াৰ সিদ্ধান্ত লয়। ফলত প্ৰায় ১০০ কোটি টকা, ৯৮ কোটি টকা চৰকাৰৰ ক্ষতি হ’ল বুলি সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

You might also like