নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ নেডফি প্ৰেক্ষাগৃহত “লোকমন্থন বৃত্তান্ত” গ্ৰন্থ উন্মোচন

🎯  মুখ্য অতিথি হিচাপে উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

🎯  বিশেষ অতিথি হিচাপে উপস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ 

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ জুলাইঃ আজি গুৱাহাটীৰ দিছপুৰস্থিত নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেড (নেডফি)ৰ প্ৰেক্ষাগৃহত উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধিক মঞ্চ (IFNE)ৰ উদ্যোগত “লোকমন্থন বৃত্তান্ত” শীৰ্ষক গ্ৰন্থখন এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচিত হয়। এইখিনিতে উল্লেখনীয় যে বিগত ২০২২ চনত শংকৰদেৱ কলাক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক মঞ্চ ( IFNE) আৰু প্ৰজ্ঞা প্ৰবাহৰ যৌথ উদ্যোগত ভাৰতবৰ্ষৰ ২৫খন ৰাজ্যৰ বুদ্ধিজীৱী, সাহিত্যিক, সাংস্কৃতিক শিল্পীয়ে ভাৰতৰ এক ঐতিহ্য আৰু লোক-পৰম্পৰাৰ মাজত নানাৰূপী সাংস্কৃতিক বৈচিত্ৰতাৰে ভৰপূৰ “লোকমন্থন” শীৰ্ষক এক বৌদ্ধিক-সাংস্কৃতিক অনুষ্ঠানত মিলিত হৈছিল। এই অনুষ্ঠানত আয়োজিত বৌদ্ধিক আৰু সাংস্কৃতিক আলোচনাৰ প্ৰতিটো সত্ৰৰ সমলখিনিক ভৱিষ্যত প্ৰজন্মৰ বাবে সাঁচি ৰখাৰ প্ৰয়াসেৰে “লোকমন্থন বৃত্তান্ত” শীৰ্ষক গ্ৰন্থখনি সজাই তোলা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধিক মঞ্চ (IFNE) আৰু প্ৰজ্ঞা প্ৰবাহৰ দ্বাৰা সম্পাদিত এই পুথিখনৰ উন্মোচনী সভাৰ সন্মানীয় অতিথি তথা প্ৰজ্ঞা প্ৰবাহৰ ৰাষ্ট্ৰীয় সংযোজক, বিশিষ্ট লেখক জে নন্দকুমাৰে “লোকমন্থন বৃত্তান্ত”ৰ জৰিয়তে ভাৰতৰ চহকী আৰু ঐতিহ্যপূৰ্ণ লোক-পৰম্পৰাৰ ওপৰত আলোকপাত কৰে। ভাৰতীয় ঐতিহ্য, পৰম্পৰা আৰু লোক-সংস্কৃতিক লৈ কিছু ৰাষ্ট্ৰবিৰোধী ব্যক্তিয়ে সৃষ্টি কৰা ভুল ব্যাখ্যা (Fake Narrative)ৰে ভাৰতীয় সমাজখনক বিভাজিত কৰিব খোজা ষড়যন্ত্ৰক আমি সকলোৱে মিলি প্ৰতিহত কৰিব লাগিব বুলি নন্দকুমাৰে ব্যক্ত কৰে। উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ মুখ্য অতিথি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাৰতৰ সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদে প্ৰতিজন ভাৰতীয়ক ভাষা, সংস্কৃতি, পৰম্পৰা নিৰ্বিশেষে এক বান্ধোনেৰে ধৰি ৰাখিছে। বিশেষ অতিথি হিচাপে শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ উপস্থিত হৈ লোকমন্থন-২০২২ৰ বহু সোণালী স্মৃতি ৰোমন্থন কৰে আৰু নৱপ্ৰজন্মৰ মাজত আজিকোপতি বিস্তাৰ হৈ থকা লোকমন্থনৰ সুদুৰপ্ৰসাৰী প্ৰভাৱৰ কথা প্ৰকাশ কৰে। অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক ব্যক্তি উপস্থিত হোৱা সভাত উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধিক মঞ্চৰ সভাপতি অঞ্জন কুমাৰ বৰা উপস্থিত থাকে।

You might also like