নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষীপুৰত মণিপুৰৰ শৰণাৰ্থীক সাক্ষাৎ ৰাহুল গান্ধীৰ

নিয়মীয়া বাৰ্তা, ৮ জুলাই : হিংসা জৰ্জৰিত মণিপুৰৰ জিৰিবাম জিলালৈ যোৱাৰ পথত কাছাৰ জিলাৰ ফুলেৰতলৰ এটা সাহায্য শিবিৰত শৰণাৰ্থীক সাক্ষাৎ কৰে লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে। সোমবাৰে লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে মণিপুৰৰ জিৰিবাম জিলাৰ পৰা অসমত আশ্ৰয় লৈ থকা শৰণাৰ্থী লোকসকলক সাক্ষাৎ কৰে। গান্ধীয়ে পুৱা প্ৰায় ১০ বজাত শিলচৰ বিমানবন্দৰত উপস্থিত হৈ কাছাৰৰ লক্ষীপুৰ সমষ্টিৰ মাৰকুলিনৰ থালাইৰ এটা সাহায্য শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰে। এইদিনা চমু ভ্ৰমণৰ সময়ত তেওঁ তাত থকা লোকসকলৰ সৈতে কথা পাতি সংসদত তেওঁলোকৰ বিষয়সমূহ উত্থাপন কৰাৰ আশ্বাস দিয়ে। ইয়াৰ উপৰি লোকসকলে তেওঁলোকৰ সমস্যাসমূহৰ ওপৰত এখন স্মাৰক পত্ৰও দাখিল কৰে। জাতিগত সংঘৰ্ষত ক্ষতিগ্ৰস্ত ৰাজ্যখনত নতুনকৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত যোৱা মাহত চুবুৰীয়া ৰাজ্য অসমত প্ৰৱেশ কৰিছিল প্ৰায় ১৭০০জন বাসিন্দা। এইদিনা প্রদেশ কংগ্রেছ সভাপতি ভূপেন বৰা, মনিপুৰৰ প্রাক্তন মুখ্যমন্ত্রী ইবোবি সিংহ, শিলচৰ জিলা সভাপতি অভিজিৎ পাল, সূর্যকান্ত সৰকাৰসহ দলীয় কর্মকর্তা।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like