নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান শিবিৰত কেৱল ফটোহে উঠিছে কংগ্ৰেছী নেতাই : মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

নিয়মীয়া বার্তা, ৮ জুলাই : কংগ্ৰেছৰ নেতাসকলে কেৱল বান শিবিৰত গৈ ফটো উঠিছে আৰু সংবাদ মাধ্যমৰ সম্মুখত আহি চৰকাৰক গালি পাৰিছে। ৰাহুল গান্ধীক ইমান ডাঙৰ মানুহ লৈ কথা কোৱাৰ সময় নাই। এতিয়া ৰাজনীতি কৰাৰ সময় নহয়। বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাইজ এতিয়া বানপানীৰ কবলত। বৰ্তমান বানাক্ৰান্ত ৰাইজক সহায় সহযোগিতা কৰাৰ সময়। তেওঁলোকক আমি ‘সেৱাই সংগঠন’ নীতিৰে দলৰ কৰ্মী সদস্যই সাহায্য কৰিছোঁ। আমাৰ দলৰ সকলো কাৰ্যকৰ্তাই এই বানৰ সময়ত দিৱানিশে ৰাইজৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়োৱা কাৰ্যই আমাৰ দলৰ “সেৱাই সংগঠন” মন্ত্ৰৰ এক ব্যৱহাৰিক প্ৰকাশ পাইছে। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী ক’ত গৈছে, কি কৰিছে সেয়া খবৰ লোৱাৰ সময় নাই। আজি দুপৰীয়া শিলচৰ কুম্ভীৰগ্ৰাম বিমানকোঠৰ পৰা লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী ইম্ফললৈ বিমানৰে উৰা মৰাৰ অলপ পাছতেই কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই শিলচৰ বিমানকোঠত উপস্থিত হৈ সাংবাদিকৰ আগত এনেদৰে কয়। পবিত্ৰ মাৰ্ঘেৰিটাই কয়, বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বানপানীৰ খবৰ লোৱাৰ বাবেহে আহিছে। ৰাহুল গান্ধী ভ্ৰমণ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, এতিয়া সকলো বানপানীক লৈ ব্যস্ত, ৰাজনীতি কৰাৰ সময় নহয়। ৰাহুল গান্ধীক লৈ মাত মতাৰ সময় নহয়। মণিপুৰক লৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে সংসদৰ ভিতৰ আৰু বাহিৰত কথা কৈ আছে । তাৰ পাছত মণিপুৰক লৈ একো বক্তব্য নাই বুলি মণিপুৰ ইছ্যুৰ পৰা আঁতৰি যায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বানপানীক লৈ প্ৰদেশ কংগ্ৰেছৰ পৰা ৰাহুল গান্ধীক দিয়া স্মাৰকপত্ৰক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, এয়া ভাল কথা। ৰাহুল গান্ধীয়ে যদি সাহায্য কৰিব পাৰে তেন্তে হলে ভাল। দেখা গৈছে এতিয়ালৈকে কংগ্ৰেছৰ নেতা সকলে কেৱল বান শিবিৰত গৈ ফটো উঠি আছে আৰু সংবাদ মাধ্যমৰ সম্মুখত আহি চৰকাৰক গালি পাৰিছে। বানাক্ৰান্তক সহায়ৰ কাম একমাত্ৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে কাম কৰি আহিছে। সাধাৰণ ৰাইজক বানপানীৰ পৰা সকাহ দিয়াৰ বাবে চৰকাৰ আৰু দলৰ নেতৃবৰ্গই কাম কাজ কৰিছে বুলি তেওঁ কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগত বিধায়ক কৌশিক ৰয়, বিধায়ক বিজয় মালাকাৰ, কাছাৰ জিলা সভাপতি বিমলেন্দু ৰয় উপস্থিত আছিল।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like