নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ ৰাজপথত সুৰাসক্ত ছাত্ৰৰ গাড়ীৰ খুন্দাত আহত বৃদ্ধা

বিশেষ বাৰ্তা, ৮ জুলাইঃ শিৱসাগৰত উদণ্ড ছাত্ৰৰ ছুৰিকাঘাতত এগৰাকী অধ্যক্ষৰ মৃত্যু হোৱাৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই কালি নিশা যোৰহাটৰ ৰাজপথতো সুৰাসক্ত ছাত্ৰৰ বাহনৰ খুন্দাত এগৰাকী ৭১ বছৰীয়া বৃদ্ধা গুৰুতৰভাৱে আহত হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দুৰ্ঘটনাত আহত হোৱা বৃদ্ধাগৰাকীৰ নাম ৰুবিয়া আলী। কালি নিশা ১০.৩০ বজাত যোৰহাট সদৰ থানৰ পৰা প্ৰায় পঞ্চাছ মিটাৰ নিলগত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰে সুৰাসক্ত এটা ছাত্ৰ-ছাত্ৰীৰ দলে। সুৰাসক্ত ছাত্ৰ-ছাত্ৰীৰ দলটো যোৰহাটৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ আছিল বুলি কোৱা হৈছে। ঘটনাৰ বিৱৰণী মতে ইষ্টিয়াক আলী নামৰ ব্যক্তিজনে কালি মাতৃ আৰু পত্নী অস্ফিয়াক লগত লৈ আত্মীয়ৰ ঘৰত নিশা ভাত খাই এ এছ-০৩ এম-৮৮৫২ নম্বৰৰ বাহন গড়আলি দিশৰ পৰা জেইল ৰোডৰে ঘৰলৈ লৈ আহি থকা অৱস্থাত ন-আলি উৰণ সেতু দিশৰ পৰা তীব্ৰবেগী এ এছ-৩৩ এ-৪৮৮০ নম্বৰত টাটা পাঞ্চ বাহনখনৰে খুন্দা মাৰে। ফলত ইষ্টিয়াকৰ বাহন খনৰ আগ অংশটো ক্ষতি হোৱাৰ লগতে বাহনখনৰ বাঁওফালে বহি থকা বৃদ্ধা মাতৃ গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত কৰা ছাত্ৰ-ছাত্ৰীৰ দলটোৰ গাড়ীখনে ইমান জোৰেৰে খুন্দা মাৰে যে তেওঁলোকৰ বাহনখনত থকা দুটা এয়াৰ বেগ ওলাই আহে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ওচৰতে থকা সদৰ আৰক্ষী আহি আহত ৰুবিয়া আলী নামৰ বৃদ্ধাগৰাকীক যোৰহাট মেডিকেল কলেজ হস্পিটেলত নিয়ে আৰু দুৰ্ঘটনা সংঘটিত কৰা ছাত্ৰ-ছাত্ৰীকেইজনক থানালৈ নি স্বাস্থ্য পৰীক্ষা কৰে। দুগৰাকী ছাত্ৰীক লৈ সুৰাসক্ত হৈ গাড়ী চলাই অহাজন যোৰহাটৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ আছিল। দুৰ্ঘটনা সংঘটিত কৰা ছাত্ৰজন চৰাইদেউৰ হেমাংগজিত বৰুৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ পিছৰ আসনত থকা দুগৰাকী ছাত্ৰীৰ এগৰাকী সুৰাসক্ত বুলি কোৱা হৈছে আৰু আনগৰাকী ইতিমধ্যেই বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰা বুলি জানিব পৰা গৈছে। আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰী পেইং গেষ্টত থকা বুলি কোৱা হৈছে। ছাত্ৰী দুগৰাকী ন-আলিৰ এটা অঞ্চলৰ আৰু ছাত্ৰজন পানীচকুৱাৰ পেইং গেষ্টত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। কিন্তু পেইং গেষ্টৰ ছাত্ৰ-ছাত্ৰী কেনেদৰে নিশা সুৰাসক্ত হৈ যোৰহাটৰ ৰাজপথলৈ ওলাই আহিব পাৰিলে ইয়াকে লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এই ঘটনাৰ পিছত ইষ্টিয়াক আলীয়ে যোৰহাট সদৰ থানত এখন এজাহাৰ দাখিল কৰিছে। ঘটনা সংঘটিত কৰা ছাত্ৰজনৰ ইতিমধ্যেই চালকৰ অনুজ্ঞা পত্ৰ তিনি মাহৰ বাবে বাতিল কৰা হৈছে আৰু ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

প্ৰেৰক ৰঞ্জিত ভূঞা

You might also like