মুখ্যমন্ত্রীক ১৩৬ কোটিৰ চেক প্রদান এনআৰএলৰ
নিয়মীয়া বাৰ্তা,৪ মার্চঃ নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই সোমবাৰে অসম বিধানসভাৰ মুখ্যমন্ত্রীৰ কার্যালয় কক্ষত ২০১৯–২০ বিত্তীয় বর্ষৰ প্রথম অন্তর্ৱর্তীকালীন লভ্যাংশৰ সর্বমুঠ ১৩৬.২৩ কোটি টকাৰ এখন চেক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ হাতত অর্পণ কৰে ৷ বিত্তীয় বর্ষৰ ডিচেম্বৰলৈ এই লভ্যাংশ সর্বমুঠ ৯ মাহৰ ৷ উল্লেখ্য যে নুমলীগড় শোধনাগাৰ লিমিটেডত ৰাজ্য চৰকাৰৰ ১২.৩৫ শতাংশ ইকুইটিৰ বিপৰীতে এই লভ্যাংশৰ পুঁজি আগবঢ়োৱা হৈছে৷ ২০২০ বর্ষৰ ৩১ মার্চত চলিত বিত্তীয় বর্ষ অন্ত পৰাৰ পিছত নুমলীগড় শোধনাগাৰ লিমিটেডৰ ব’ডৰ মিটিঙত চূড়ান্ত লভ্যাংশৰ পুঁজি নির্ধাৰণ কৰা হ’ব৷ আজিৰ এই লভ্যাংশৰ চেক ৰাজ্য চৰকাৰলৈ প্রদানৰ সময়ত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, আয়ুক্ত সচিব কে কে দ্বিবেদী আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল ৷