নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজ সমষ্টিতে বন্যাৰ্তৰ ককৰ্থনাৰ সন্মুখীন বিধায়ক চক্ৰধৰ গগৈ

বিশেষ বাৰ্তা, ৯ জুলাই : নিজ সমষ্টিতে বন্যাৰ্তৰ ককৰ্থনাৰ সন্মুখীন হ’ল বিধায়ক চক্ৰধৰ গগৈ।খোৱাং সমষ্টিৰ (পূৰ্বে মৰাণ) বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টিটোৰ কলাখোৱা থান গাঁৱৰ বানপীড়িত লোকক সাহায্য প্ৰদান কৰিবলৈ যোৱাৰ সময়তে ক্ষোভিত ৰাইজে জাউৰি জাউৰিয়ে কৰা তীব্ৰ বাক্যবাণত বিধায়কগৰাকী অস্বস্তিত পৰাৰ লগতে কথা বিষম দেখি ঘটনাস্থলীৰ পৰা আঁতৰি যায়।  শেহতীয়াকৈ বুঢ়ীদিহিঙৰ বানে সমগ্ৰ খোৱাং অঞ্চলৰ শতাধিক গাঁও প্লাৱিত কৰাৰ লগতে মথাউৰি পৰ্যন্ত ভাঙিছিল। আনহাতে, বৃহত্তৰ কলাখোৱাত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত কোনোমতে মথাউৰি ৰক্ষা পৰে যদিও বানত সৰ্বস্বান্ত হয় জনসাধাৰণ। পানীৰ সৈতে সহবাস কৰিব লগাৰ লগতে কোনো বিশেষ চৰকাৰী সাহায্য  লাভ নকৰা তথা স্থানীয় বিধায়কগৰাকীয়েও বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ বাবে ক্ষোভিত হৈ পৰে বিস্তীৰ্ণ অঞ্চলৰ জনগণ। যাৰ বাবে বানপীড়িতৰ খবৰ ল’বলৈ তথা দুৰ্যোগৰ সময়ত সমষ্টিবাসীৰ খবৰ ল’বলৈ আহৰি নোপোৱা বিধায়ক চক্ৰধৰ গগৈয়ে পানী কিছু কমি যোৱাৰ পাছতহে বন্যাৰ্তৰ কাষত আজি উপস্থিত হোৱাৰ সময়তে উভতি ধৰে স্থানীয় ৰাইজে। ইমান দিনে পানীত ককবকাই থকা, অনাহাৰে-অনিদ্ৰাৰে থকাৰ পাছতো সময় উলিয়াব নোৱাৰিলে? কিন্তু ভোট বিচাৰি আপুনি ঠিকেই আহে! এপেকেট বিস্কুট আৰু মমবাতি আমিও কিনি ল’ব পাৰোঁ। এয়া সাহায্য নেকি?- ৰাইজৰ এনে প্ৰশ্নত ব্যতিব্যস্ত হোৱা দেখা গ’ল বিধায়ক চক্ৰধৰ গগৈক।তেওঁ ওলোটাই কয় যে সমষ্টিটোত এহেজাৰতকৈ অধিক গাঁও আছে, সকলোকে সময় দিব লাগে। ইয়াৰ পাছত উত্তেজিত জনতাক বুজনি দিবলৈ চেষ্টা কৰিছিল যদিও ফলপ্ৰসূ নহ’ল বুলিও জানিব পৰা গৈছে। প্ৰয়োজনীয় বান সাহায্যৰ পৰাও বঞ্চিত হোৱা ৰাইজে বিধায়কগৰাকীক আগচি ধৰি ক্ষোভ উজাৰাৰ লগতে তীব্ৰ ককৰ্থনা কৰা কাৰ্যই সমগ্ৰ জিলাতে চৰ্চা লভিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like