নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Attention কৃষিমন্ত্ৰী : ৰাজ্যত ইউৰিয়া সাৰৰ চোৰাং বজাৰৰ বৃহৎ নেটৱৰ্ক

🎯 অসমৰ পৰা মেঘালয় হৈ বাংলাদেশ, ম্যানমাৰলৈ সৰবৰাহ

বাৰ্তা বুৰো, ১১ জুলাইঃ দেশৰ কৃষকৰ মান ৰক্ষা আৰু কৃষি খণ্ডৰ বিকাশত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক অভিলাসী আঁচনি প্ৰধানমন্ত্ৰী ভাৰতীয় জন উৰ্বৰক পৰিযোজনা যাৰ আধাৰত কৃষকক সুলভ মূল্যত সাৰ যোগান ধৰা হয়। কিন্তু অসমত হৈছে কি। কিদৰে কৃষি বিভাগৰ অজ্ঞাতে এটা বৃহৎ প্ৰভাৱশালী চক্ৰই নিশাৰ আন্ধাৰত বগা সাৰৰ কলা বেহা চলাই আহিছে সেইয়া ফাদিল হৈছে নিয়মীয়া বাৰ্তাৰ অনুসন্ধানত। উল্লেখ্য এই অনুসন্ধানত স্পষ্ট হৈছে কিদৰে চৰকাৰী ৰাজসাহায্যযুক্ত সাৰ অসমৰ পৰা চোৰাংভাৱে সৰ্বৰাহ হয় মেঘালয়লৈ। বিভিন্ন সময়ত মেঘালয় পৰা বাংলাদেশ আৰু ম্যানমাৰলৈ এই চৰকাৰী ৰাজসাহায্যযুক্ত সাৰ গোপনে চালান দিয়া হয় যত সাৰৰ মূল্য অত্যধিক। উল্লেখ্য কালি নিশা এনেদৰে নগাঁৱৰ পৰা মেঘালয়লৈ জৈৱিক সাৰৰ সন্দেহজনক চালানেৰে ইউৰিয়া সাৰ নি থকা অৱস্থাত সূত্রৰ খবৰৰ আধাৰত মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ নিৰ্দেশত জাগীৰোডৰ শিলভঙাৰ ওচৰত ৰাষ্ট্ৰীয় পথত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে এখন ট্ৰাক। ট্ৰাকখনত কঢ়িয়াই আনিছিল ১৩.৫ মেট্ৰিকটন ইউৰিয়া সাৰ। NL02Q8009 নম্বৰ ট্ৰাকখনত কঢ়িয়াই নিয়া ইউৰীয়া সাৰ খিনিৰ চালান হিচাবে ব্যৱহাৰ কৰিছিল ভোজীৱন চিটি কম্পজ নামৰ এবিধ জৈৱিক সাৰৰ নাম। ট্ৰাকখনে কঢ়িয়াই অনা ইউৰিয়াখিনিৰ নগাঁও বা মৰিগাঁও জিলাৰ বাবে আবণ্টিত দিব পাৰে। কিয়নো চৰকাৰী নিয়ম অনুযায়ী নগাঁৱত ৰেলৰ পৰা নমা ইউৰীয়া খিনি কেৱল নগাঁও আৰু মৰিগাঁও জিলাতহে সৰবৰাহ কৰিব পাৰে। আচলতে চৰকাৰী sop মতে কৃষকৰ অতি লাগতিয়াল ইউৰিয়া সাৰৰ আন্তঃৰাজ্যিকতো দুৰৰে কথা আন্ত জিলা যোগানৰ ব্যৱসায়ী কৰিব নোৱাৰে। কিন্তু নগাঁৱৰ বৰা ফাৰ্টিলাইজাৰ স্বত্বাধিকাৰী উক্ত জৈৱিক সাৰৰ চালানেৰে সৰবৰাহ কৰিছে মেঘালয়লৈ। উল্লেখ্য নগাঁও জিলালৈ যেতিয়া ইউৰিয়া সাৰৰ ৰেক আহে তেতিয়া অনুমোদন ক্ৰমে মৰিগাঁও জিলালৈ সেই সাৰ প্ৰেৰণ কৰিব পাৰে কিন্তু বৰ্তমান তেনে কোনো সাৰৰ ৰেক নাই অহা বুলি স্পষ্ট কৰিলে মৰিগাঁও জিলা কৃষি বিষয়া অশোক শৰ্মাই। যেতিয়া অভিযোগ অনুসৰি মেঘালয়ৰ পৰা বাংলাদেশ আৰু ম্যানমাৰলৈ সৰবৰাহ কৰা হয় ভাৰত চৰকাৰৰ ৰাজসাহায্যযুক্ত সাৰ। আনহাতে সাৰৰ এই চোৰাং বজাৰখনৰ বৃহৎ নেটৱৰ্ক লগত জড়িতসকলক মৰিগাঁও আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা লৈ সেইয়া লক্ষণীয় হৈ পৰিছে। আনহাতে কৃষি বিভাগে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে কৃষক ৰাইজে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like