🔹 গৰম বন্ধৰ মালিতা
নিয়মীয়া বাৰ্তা, ১২ জুলাই : প্ৰযুক্তিৰ ধামখুমীয়াত ক্ৰমে হেৰাই গৈছে শৈশৱ-কৈশোৰৰ নিভাঁজ আৰু সোণোৱালী দিনবোৰ। সময়ৰ সোঁতত একপ্ৰকাৰ অতীত হৈ পৰিছে গ্ৰামাঞ্চলৰ চিনাকি ছবিবোৰ। বিশেষকৈ জুলাই মাহৰ গৰম বন্ধত ছাত্ৰ-ছাত্ৰীয়ে কটোৱা সেই সময়বোৰ যেন কাঢ়ি নিছে আজিৰ প্ৰযুক্তিয়ে। কিন্তু তাৰ মাজতো ঢকুৱাখনাত দেখিবলৈ পোৱা গৈছে এখন বিপৰীত ছবি। প্ৰযুক্তিৰ ধামখুমীয়াই চুই যোৱা এইজাক শিশু-কিশোৰে গৰম বন্ধ উপভোগ কৰিছে নিজৰ ধৰণে। সময়ে তেওঁলোককো শিকাইছে যুগৰ লগত খোজ দিবলৈ। কিন্তু শিপা পাহৰিবলৈ দিয়া নাই অভিভাৱক অথবা পৰিৱেশেও। সেইবাবেই হয়তো গৰম বন্ধৰ সুযোগ পূৰামাত্ৰাই গ্ৰহণ কৰিছে ঢকুৱাখনাৰ এজাক শিশু-কিশোৰে। গৰম বন্ধৰ সময়ত কোনোবাই যদি নদীত সাঁতুৰিছে, কোনোবাই বৰশী বাইছে। আন কোনোবাই আকৌ তামোলৰ ঢকুৱাৰে খেলিছে। কোনোবা আকৌ ব্যস্ত হৈছে পৰম্পৰাগত খেল-ধেমালিত। মুঠতে তেওঁলোকে গৰম বন্ধ উপভোগ কৰিছে নিজৰ ধৰণে। অথচ গৰমৰ বন্ধত এইসমূহ ছবি একপ্ৰকাৰ হেৰাই গ’ল চহৰীয়া-নগৰীয়া, আনকি গ্ৰাম্য পৰিৱেশৰ পৰাও। মোবাইল, ইণ্টাৰনেট, ভিডিঅ’ গেমে এতিয়া ক্ৰমাৎ ছানি পেলাইছে ভৱিষ্যৎ প্ৰজন্মক। অথচ, আজি কিছু বছৰ আগলৈকে এই গৰমৰ বন্ধৰ বাবেই হেঁপাহেৰে বাট চাই আছিল সেই সময়ৰ প্ৰজন্মই। কিন্তু সময়ৰ লগে লগে হেৰাই গৈছে সকলোবোৰ। তাৰ মাজতে ঢকুৱাখনাৰ এইসকল শিশু-কিশোৰে পাহৰি যোৱা নাই নিজৰ শিপা। পাহৰি যোৱা নাই গৰম বন্ধৰ মাদকতা।যিসমূহ দৃশ্যই হয়তো নষ্টালজিক কৰি তুলিব আপোনাকো।
প্ৰেৰক পুলকজ্যোতি বৰা