🔹 চিকিৎসাৰ দায়িত্ব ল’লে যুৱ সমাজকৰ্মী শুভ্ৰজিত নন্দীয়ে
বিশেষ বার্তা, ১২ জুলাই : বিগত কেইবামাহো ধৰি নাহৰকটীয়া চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ঘূৰি ফুৰা তিনিটাকৈ গৰাকীবিহীন ঘোঁৰাৰ মাজৰ এটাক আজি প্ৰায় ৫ দিন আগতে কোনো মানৱৰূপী পাষণ্ডই দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰা ঘটনাই অঞ্চলটোৰ পশুপ্ৰেমীৰ লগতে সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰণিধানযোগ্য যে দীৰ্ঘদিন ধৰি এই ঘোঁৰা তিনিটাই নিয়ন্ত্ৰিতভাৱে এই অঞ্চলকেইটাত বিচৰণ কৰি থকাৰ লগতে নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰতো প্ৰৱেশ কৰাৰ ফলত তাত বিভিন্ন খেলৰ অনুশীলন কৰি থকা শিশুৰ পৰা আদি কৰি অন্যান্য খেলুৱৈৰ মাজত আতংকৰো সৃষ্টি কৰি আহিছিল। তাৰ মাজতে হঠাতে ৫ দিন মানৰ আগতে তাৰে এটা ঘোঁৰাৰ দেহৰ বিভিন্ন অংশত দাৰ ঘাপৰ ফলত ঘোঁৰাটো গুৰুতৰভাৱে আহত হোৱা দেখা পাই চহৰবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। লক্ষণীয় যে কোনো নৰাধমৰ অবিবেচক কাণ্ডৰ ফলত এই কাণ্ড সংঘটিত হোৱা বুলি সন্দেহ হোৱাৰ লগতে ঘোঁৰাটোৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি দেখি নাহৰকটীয়াৰ বিভিন্ন সামাজিক কামৰ লগত জড়িত উদীয়মান যুৱক তথা যুৱ সমাজকৰ্মী শুভ্ৰজিত নন্দীয়ে যন্ত্ৰণাৰ মাজত ছটফটাই থকা ঘোঁৰাটোক সহায় কৰাৰ উদ্দেশ্যে নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰি প্ৰথমাৱস্থাত কিছুমাহ পূৰ্বে নাহৰকটীয়াত জীৱ-জন্তুৰ বাবে প্ৰতিষ্ঠা কৰা Emergency Vet service (1962) যোগাযোগ কৰে যদিও এই সুবিধা উক্ত সময়ত উপলব্ধ নোহোৱাত বন বিভাগ, প্ৰশাসন, পৌৰসভা আদিৰ লগত যোগাযোগ স্থাপন কৰে। কিন্তু কোনো এটা পক্ষৰ পৰাই সমাজকৰ্মীগৰাকীয়ে সদুত্তৰ নোপোৱাত কালি পশু চিকিৎসক ডাঃ মানস ফুকন, তমাল সাহা আৰু লাটু নামৰ এগৰাকী ব্যক্তিৰ সহযোগত ঘোঁৰাটোক ধৰি ইঞ্জেকচন দিয়াৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ঘোঁৰাটোৰ যাৱতীয় চিকিৎসা আৰম্ভ কৰা হয়। মন কৰিবলগীয়া যে ঘোঁৰাটো আঘাতপ্ৰাপ্ত হোৱা প্ৰত্যক্ষ কৰি তাৰ লগৰ আনকেইটা ঘোঁৰাও সম্প্ৰতি উগ্ৰ হৈ পৰাৰ আশংকা কৰিছে পশুপ্ৰেমীসকলৰ লগতে ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুশীলন চলাই থকা খেলুৱৈসকলে। যাৰ বাবে শুভ্ৰজিত নন্দীয়ে বন বিভাগ আৰু স্থানীয় প্ৰশাসনক এই ঘোঁৰাটো সুস্থ হৈ উঠাৰ পিছত বাকীকেইটা ঘোঁৰাৰ সৈতে উদ্ধাৰ কৰি কোনো বনাঞ্চল বা জনশূন্য অঞ্চলত মোকলাই দিবলৈ আহ্বান জনাইছে। ইফালে, এই সমগ্ৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি Peoples for Animalৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে ঘোঁৰাটোক আক্ৰমণৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দিয়া হ’ব বুলি জানিবলৈ দিছে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা